পুনৰ ক’ৰনা ভাইৰাছৰ সন্ত্ৰাসে আগুৰি ধৰিছে ভাৰতবৰ্ষক। সোমবাৰে একেদিনাই ৩,৬৪১ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰনা ভাইৰাছত। যাৰ ফলত এতিয়া সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২০,২১৯ লৈ বৃদ্ধি পাইছে।
সোমবাৰে পুৱা ৮ বজাত আপডেট কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টা আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ইতিমধ্যে ১১ জন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ তিনিজন, দিল্লী, কেৰালা, কৰ্ণাটক আৰু ৰাজস্থানৰ এজন।
বিগত ২৪ ঘন্টাত মৃত্যু হোৱা ৰোগীকেইজনক যোগ কৰি ভাৰতত কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩০,৮৯২ লৈ বৃদ্ধি পাইছে। সম্প্ৰতি দৈনিক পজিটিভিটিৰ হাৰ ৬.১২ হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ২.৪৫ শতাংশ বুলি ধৰা হৈছে। লগতে ভাৰতত আজিকোপতি মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৪.৪৭ কোটি (৪,৪৭,২৬,২৪৬) লৈ বৃদ্ধি পাইছে।
মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ হোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় ক’ভিড–১৯ৰ আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৬ শতাংশ।





