DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Monkeypox in India: ভাৰততো ধৰা পৰিল মাঙ্কিপক্স; কেৰালাত প্ৰথমটো আক্ৰান্তৰ ঘটনা পোহৰলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2022 8:54 am
181
VIEWS
Share on FacebookShare on Twitter

Monkeypox in India ভাৰতত প্ৰথমটো মাঙ্কিপক্সৰ ঘটনা কেৰালাত ধৰা পৰিছে। সংযুক্ত আৰৱ আমিৰাতৰ এজন পৰ্যটক এই ৰোগত আক্ৰান্ত বুলি ধৰা পৰিছে। তেওঁৰ শৰীৰত কিছুমান লক্ষণ দেখা দিছিল। তেওঁৰ নমুনাবোৰ পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজিলৈ প্ৰেৰণ কৰাৰ পিছত সেয়া পজিটিভ পোৱা গৈছে। 

কৰোনাৰ পাছতো পৃথিৱীত মানুহে সকাহ পোৱা নাই। মাঙ্কিপক্সে এক নতুন শংকাৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৫৮ খন দেশত ৩,৪১৭টা মাঙ্কিপক্সৰ ৰোগী নিশ্চিত হৈছে। ৱৰ্ল্ড হেল্থ নেটৱৰ্কে (WHN) ঘোষণা কৰিছে যে তেওঁলোকে বৰ্তমানৰ মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱক মহামাৰী হিচাপে ঘোষণা কৰিছে। মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত একাধিক দেশলৈ বিয়পি পৰিছে।

লগতে পঢ়ক: Japanese Encephalitis: চতিয়াত জাপানী এনকেফেলাইটিজত এজনৰ মৃত্যু; বিশ্বনাথত এই ৰোগৰ বলি প্ৰথমগৰাকী ব্যক্তি

প্ৰথমবাৰৰ বাবে যোৱা ৭ মে’ত ইংলেণ্ডত চিনাক্ত হোৱা ভাইৰাছটো ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশবোৰক ৰোগটো নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

১৯৫৮ চনত প্ৰথম মাঙ্কিপক্স ভাইৰাছ চিনাক্ত কৰা হৈছিল। ১৯৭০ চনত কংগোত প্ৰথমবাৰৰ বাবে মানুহৰ দেহত ভাইৰাছটো ধৰা পৰিছিল। ২০১৮ চনত বিশেষজ্ঞসকলে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগী এজনক বিচাৰি পাইছিল। অৱশ্যে সংক্ৰমণ এনে হাৰত বিয়পি পৰা নাছিল। কিন্তু এইবাৰ ই মহামাৰী ৰূপ লাভ কৰিছে।

লগতে পঢ়ক: Lalit Modi and Sushmita Sen: আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীয়ে বিয়া পাতিলে অভিনেত্ৰী সুস্মিতা সেনক!

মাঙ্কিপক্স প্ৰকৃততে এক পশু-বাহিত ৰোগ। যি ধৰণৰ প্ৰাণীৰ পৰা ৰোগটো বিয়পি পৰাৰ সম্ভাৱনা আছে সেয়া মুখ্যতঃ গ্ৰীষ্মপ্ৰধান  অঞ্চলৰ বৰ্ষাৰণ্যৰ বাসিন্দা। বিশ্ব স্বাস্থ্য সংস্থাই পূৰ্বতে কৈছিল যে মহামাৰীৰ দ্বাৰা প্ৰভাৱিত নোহোৱা দেশবোৰত মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি, এই দেশবোৰত এজন ব্যক্তিৰ পৰা আন এজনলৈ ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাও সম্ভৱ। কিন্তু এতিয়া উদ্ভৱ হোৱা পৰিস্থিতিয়ে উদ্বেগ বৃদ্ধি কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ হৈ মাঙ্কিপক্সৰ অধ্যয়নৰ নেতৃত্ব দিয়া মাৰিয়া ভান কেৰখভে জনাইছিল যে প্ৰাথমিকভাৱে ৰোগটো চিনাক্ত কৰি আক্ৰান্তসকলক আইছ’লেশ্যনলৈ প্ৰেৰণ কৰিব পাৰি। যেতিয়া এজন ব্যক্তি আন এজন ব্যক্তিৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শলৈ আহে, বিশেষকৈ ছালৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ বিয়পে। সেয়েহে তেওঁ আইছ’লেশ্যনেই এই ৰোগৰ সংক্ৰমণ হ্ৰাস কৰিব পাৰে বুলি কৈছিল।

লগতে পঢ়ক: Drinking too much Alcohol: মাত্ৰ ২ মিনিটতে খাই শেষ কৰিলে এবটল মদ; বাজী মাৰি যমৰ ঘৰ পালে যুৱকে

কিছুমান প্ৰাৰম্ভিক লক্ষণ যেনে জ্বৰ, মুৰৰ বিষ, পেশীৰ বিষ, হাত আৰু ভৰিৰ বিষ আদি মাঙ্কিপক্সৰ ক্ষেত্ৰত দেখা যায়। ইয়াৰ বাহিৰেও মাঙ্কিপক্সৰ দ্বাৰা সংক্ৰমিত হ’লে শৰীৰৰ বিভিন্ন লসীকা গ্ৰন্থি ফুলি যোৱাৰ লগতে শৰীৰত অজস্ৰ ফোঁহা সদৃশ দাগ দেখা দিয়ে।

Recent News

FIFA Bans AIFF: ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক; ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ-১৭ৰ মহিলা বিশ্বকাপ

FIFA Bans AIFF: ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক; ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ-১৭ৰ মহিলা বিশ্বকাপ

Man-Elephant Conflict: অসম-মেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত

Man-Elephant Conflict: অসম-মেঘালয় সীমান্তৰ গোৱালপাৰাত বন্যহস্তীৰ আক্ৰমণত ৩ জন নিহত

Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd