চীনৰ কটা ঘাত চেঙা তেল: উত্তৰ কোৰিয়ালৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰি ভাৰতে দিলে এই বাৰ্তা

বিশ্ব স্বাস্থ্য সংস্থা (WHO) অনুৰোধ ৰক্ষা কৰি ভাৰতে উত্তৰ কোৰিয়ালৈ ১০ লাখ ডলাৰ মূল্যৰ চিকিৎসা সামগ্ৰী সাহায্য হিচাপে প্ৰেৰণ কৰিছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে।

উত্তৰ কোৰিয়াৰ সৈতে মিত্ৰতাৰ হাত আগবঢ়াই এইদৰে ভাৰতে চীনক এক বাৰ্তা প্ৰেৰণ কৰা বুলি কূটনীতিক মহলত চৰ্চিত হৈছে।

নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ভাৰতৰ চৰকাৰে উত্তৰ কোৰিয়াৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ দিশত এয়া আন এক ইতিবাচক পদক্ষেপ।

উল্লেখ্য যে ২০১৮চনত তদানীত্বন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেনেৰেল ভি কে সিঙক উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰা হৈছিল।

বিছ বছৰৰ মূৰত সেয়া আছিল প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় মন্ত্ৰীৰ উত্তৰ কোৰিয়া ভ্ৰমণ।

ইয়াৰ পূৰ্বে বিজেপিৰ শাসনৰ সময়তে ১৯৯৮চনত এগৰাকী ভাৰতীয় মন্ত্ৰীয়ে দেশখন ভ্ৰমণ কৰিছিল।

ইপিনে, পিয়ংইয়ঙৰ ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা জনোৱা হৈছে যে ডেমক্ৰেটিক পিপলছ ৰিপাব্লিক অফ কোৰিয়াত ঔষধ সৰবৰাহত নাটনিলৈ চাই ভাৰতে মানৱীয়তাৰ দিশৰ পৰা ১০ লাখ ডলাৰ মূল্যৰ যক্ষ্মাৰ ঔষধ আগবঢ়াইছে।

অলপতে বিশ্ব স্বাস্থ্য সংস্থাই যক্ষ্মা সম্পৰ্কীয় এটা অনুষ্ঠানত জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায়ে ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

কূটনীতিক মহলৰ ধাৰণা যে আন্তৰ্জাতিক দিশলৈ লক্ষ্য ৰাখিয়েই নতুন দিল্লীয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

বিশ্বৰ প্ৰায় সকলো দেশৰে সৈতে ভাৰত আছে  এই বাৰ্তা প্ৰেৰণ কৰি ভাৰতে একেসময়তে উত্তৰ কোৰিয়াৰ মিত্ৰ দেশ চীনকো এক প্ৰকাৰ সতৰ্ক কৰি দিছে।