NORTHEAST NOW (Assamese)

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী বাবে ভাৰতৰ দল ঘোষণা, বাদ পৰিল ছামী; কোনে কোনে পালে সুযোগ?

October 26, 2024 10:12 am · এন ই নাও নিউজ, গুৱাহাটী
বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআইয়ে।

নিউজিলেণ্ডৰ শৃংখলাৰ মাজভাগতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআইয়ে। ৰোহিত শৰ্মাৰ নেতৃত্বত মুঠ ১৮ জন সদস্যৰ দল ঘোষণা কৰা হৈছে। একে সময়তে ৩ জন পেচাৰক ট্ৰেভেলিং ৰিজাৰ্ভ হিচাপে ৰখা হৈছে। অৱশ্যে আঘাতৰ পৰা মুক্ত হৈও দলত সুযোগ নাপালে মহম্মদ ছামীয়ে।

২০২৩ চনৰ বিশ্বকাপৰ পিছৰে পৰাই খেলপথাৰৰ বাহিৰত আছে ছামী। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পূৰ্বে তেওঁ ফিট হৈ উঠিব নে নাই সেয়া আছিল লক্ষ্যণীয়। ছামীয়ে নিজেই দাবী কৰিছিল যে তেওঁ কোনো কষ্ট নোহোৱাকৈ বলিং কৰিব পাৰিছে। কিন্তু দীৰ্ঘদিন ধৰি খেলপথাৰৰ বাহিৰত থকা ছামীক অষ্ট্ৰেলিয়ালৈ নিয়াৰ ৰিস্ক লোৱা নাই টীম মেনেজমেন্টে। তেওঁৰ অবিহনে অষ্ট্ৰেলিয়ালৈ গৈ আছে ৰোহিতবাহিনী।

ভাৰতৰ ১৮ জনীয়া দলত ছামীৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণাৰ প্ৰৱেশ ঘটিছে। যুৱ অলৰাউণ্ডাৰ নীতিশ ৰেড্ডীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। বংগৰ অ’পেনাৰ অভিমন্যু ঈশ্বৰনে অষ্ট্ৰেলিয়ালৈ যোৱাৰ সুযোগ লাভ কৰিছে। ঘৰুৱা ক্ৰিকেটত ভাল প্ৰদৰ্শনৰ বাবে সুযোগ লাভ কৰিছে অভিমন্যুই। আশা কৰা মতে দলত আছে আকাশ দীপ। ৰিজাৰ্ভৰ তালিকাত আছে মুকেশ কুমাৰো। অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব টেষ্ট শৃংখলা।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দল:

ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ঈশ্বৰন, শুভমান গিল, বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পন্ত, সৰফৰাজ খান, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাডেজা, মহম্মদ চিৰাজ, আকাশ দীপ , প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ (ৰিজাৰ্ভঃ মুকেশ কুমাৰ, নৱদীপ ছাইনী, খলিল আহমেদ)।

একে সময়তে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দলটোও ঘোষণা কৰা হৈছে। সেই দলত নতুনকৈ ৰমনদীপ সিঙে সুযোগ পাইছে।

দলটোত আছে: সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু চেমচন, ৰিংকু সিং, তিলক ভাৰ্মা, জিতেশ শৰ্মা, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণয়, অৰ্শদীপ সিং, বিজয়কুমাৰ ৱিষ্ক, আবেশ খান, যশ দয়াল। 

Related News