• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখয়-৩০ যুদ্ধ বিমানৰ পৰা ভাৰতে পৰীক্ষণ কৰিলে দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম-১’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 9, 2020 6:54 pm

2 min read

a rudram
287
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যেন হাত সাৱটি বহি থকা নাই ভাৰতে।

সেয়ে ইটোৰ পিছত সিটোকৈ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কৰি গৈছে দেশ খনে। আজি পুনৰ ভাৰতে ওড়িশাৰ বালাচোৰৰ পৰা দেশৰ প্ৰথমটো এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰম’ৰ সফল পৰীক্ষণ সম্পন্ন কৰে।

India successfully testfired ‘Rudram’ Anti-Radiation Missile from a Sukhoi-30 fighter aircraft off east coast.

With this DRDO developed missile, India establishes indigenous capability to develop long-range air-launched anti-radiation missiles for neutralizing enemy targets. pic.twitter.com/oeygAmZY9V

— ANI (@ANI) October 9, 2020

সুখয় যুদ্ধ বিমানৰ পৰা আজি দিনৰ ১০.৩০ বজাত মিছাইল বিধৰ পৰীক্ষণ কৰা হয়।

ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থাই নিৰ্মাণ কৰি উলিওৱা এণ্টি ৰেডিয়েছন মিছাইল ‘ৰুদ্ৰমে’ শত্ৰু পক্ষৰ যোগাযোগ ব্যৱস্থা তছনছ কৰি দিব পাৰিব।

এই মিছাইলে প্ৰায় ডেৰ কিলোমিটাৰ দূৰৈৰ পৰাই শত্ৰুৰ ৰাডাৰ ধ্বংস কৰিব পাৰিব।

সুখয়ৰ উপৰি মিৰেজ-২০০০,জাগুৱাৰ,তেজছ আদি বিমানতো এই মিছাইল স্থাপন কৰা হব বুলি ডি আৰ ডি অ’ৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য  চীন আৰু ভাৰতৰ মাজত উত্তেজনা চলি থকাৰ মাজতে অলপতে ভাৰতে পাৰণৱিক শক্তিধৰ মিছাইল শৌৰ্যৰ সফল পৰীক্ষণ সম্পন্ন কৰিছিল।

ওড়িশাৰ উপকূলৰ পৰা শব্দতকৈও বেগী  এই মিছাইলৰ পৰীক্ষণ কৰা হয় ।

শৌৰ্য মিছাইলে ৮০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব।

দেশৰ প্ৰচলিত আন মিছাইল সমূহতকৈ এই মিছাইলৰ ওজন যথেষ্ট কম ।

উল্লেখ্য অলপতে ভাৰতে ওড়িশাৰ পৰাই মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

ওড়িশাৰ বালাচোৰৰ পৰা ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰিছিল।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ ৰাজপুততো এই মিছাইলবিধ স্থাপন কৰা হৈছে বুলি প্ৰতিৰক্ষা দপ্তৰে প্ৰকাশ কৰিছিল।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd