India Trash (Ind VS NZ) : কোহলীৰ নেতৃত্বত ‘বিৰাট’ বিজয়; নিউজিলেণ্ডক বৃহৎ ব্যৱধানত বিধ্বস্ত কৰি শৃংখলা দখল ভাৰতৰ

India VS New Zealand

India trash (Ind VS NZ): ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণৰ পাছতে প্ৰথমটো টেষ্ট শৃংখলাতে জয়ৰ মুখ দেখিলে ৰাহুল দ্ৰাবিড়ে। আজি দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা প্ৰথম চেছনতে নিউজিলেণ্ডক বিধ্বস্ত কৰি শৃংখলা জয় কৰিলে ভাৰতে।

টেষ্টখনত অদমনীয় প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত আকৌ এবাৰ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল বিশ্বৰ শীৰ্ষ স্থানৰ টেষ্ট দল তথা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বিজয়ী নিউজিলেণ্ডে।

ভাৰতৰ প্ৰথম ইনিংছৰ ৩২৫ ৰানৰ প্ৰত্যুত্তৰত ৬২ ৰানতে ইনিংছ সামৰি ফ’লঅন খাইছিল নিউজিলেণ্ডে। অৱশ্যে ভাৰতীয় দলে পুনৰ বেটিঙৰ সিদ্ধান্ত লৈ দ্বিতীয় ইনিংছত ২৭৬ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ৫৪০ ৰানৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে।

Also read : Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

এনে বৃহৎ লক্ষ্যৰ পিছা কৰি নিউজিলেণ্ডৰ বেটাৰসকলে পুনৰ এবাৰ বেটিং ব্যৰ্থতা প্ৰদৰ্শন কৰি মাত্ৰ ১৬৭ ৰানতে ইনিংছ সামৰি ৩৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় স্পিনাৰদ্বয় অশ্বিন আৰু জয়ন্ত যাদৱে ৪ টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বেটিং লাইন-আপ থান-বান কৰি পেলায়।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত ভাৰতৰ এইয়া সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৩৭ ৰানৰ জয় ভাৰতৰ সৰ্ববৃহৎ জয় হিচাপে পৰিগণিত হৈছিল।

অৱশ্যে টেষ্টখনত পৰাস্ত হ’লেও নিউজিলেণ্ডৰ স্পিনাৰ আজাজ পেটেল টেষ্ট ক্ৰিকেটৰ ইতিহাসত কেৱল তৃতীয় জন বলাৰ হিচাপে এটা ইনিংছত ১০ টা উইকেট দখল কৰি এক বিৰল কৃতিত্বৰ অধিকাৰী হয়। লগতে দ্বিতীয় ইনিংছতো ৪ টা উইকেট লাভ কৰা আজাজ পেটেলে টেষ্টখনত সামগ্ৰিক ভাৱে ২২৫ ৰানৰ বিনিময়ত ১৪ টা উইকেট দখল কৰি এখন টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক উইকেট দখলৰ অভিলেখ ৰচে।

উল্লেখ্য যে এই টেষ্টখনত আন কেইবাটাও অভিলেখ সৃষ্টি হৈছে। ৩৭২ ৰানৰ পৰাজয় নিউজিলেণ্ডৰ টেষ্ট ইতিহাসত আটাইতকৈ বৃহৎ পৰাজয়।

এখন টেষ্টত পৰাজয়ৰ পিছতো ২২৫ ৰানৰ বিনিময়ত ১৪ টা উইকেট দখল কৰি সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ গৰাকী হয় পেটেল।

আনহাতে ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ভাৰতৰ মাটিত ৩০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰে। লগতে অনিল কুম্বলে, শ্বেন ৱাৰ্ন, জেমচ এণ্ডাৰচনৰ দৰে তাৰকা বলাৰক অতিক্ৰম কৰি ঘৰুৱা টেষ্ট শৃংখলাত দ্ৰুত ৩০০ উইকেট (৪৯ টেষ্ট) দখলকাৰীৰ কৃতিত্ব কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁতকৈ আগত আছে কেৱল শ্ৰীলঙ্কাৰ কিংবদন্তী স্পিনাৰ মুৰুলীধৰণ।

তদুপৰি কুম্বলে, হৰভজনক অতিক্ৰম কৰি এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক বাৰ ৫০ টা উইকেট দখলৰ ভাৰতীয় বলাৰৰ অভিলেখ ৰচে অশ্বিনে।

আনহাতে এই জয়েৰে দেশৰ মাটিত ক্ৰমাগত ১৪ টা টেষ্ট শৃংখলা জয়ৰ অভিলেখ ৰচে ভাৰতীয় ক্ৰিকেট দল।

টেষ্টখনৰ প্ৰথম ইনিংছত ১৫০ আৰু দ্বিতীয় ইনিংছত ৬২ ৰান সংগ্ৰহ কৰা ভাৰতীয় অপেনাৰ মায়াংক আগৰৱাল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰবিচন্দ্ৰন অশ্বিন।

Also read : India vs New Zealand Test ভাৰতৰ ১৬তম বেটাৰ হিচাপে অভিষেক টেষ্টত শতক শ্ৰেয়াস আয়াৰৰ