T20 World Cup 2022: ২৩ অক্টোবৰত মেলব’ৰ্ণত টী-২০ বিশ্বকাপৰ প্ৰথম মেচত এইবাৰো মুখামুখি হ’ব ভাৰত-পাকিস্তান

329245.7

যোৱা বাৰৰ পুনৰাবৃত্তি ঘটাই এইবাৰো টী-২০ বিশ্বকাপত প্ৰথমখন মেচতে ভাৰতে চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সৈতে মুখামুখি হ’ব। এই মেচখন অহা ২৩ অক্টোবৰত মেলব’ৰ্ণত অনুষ্ঠিত হ’ব।

আইচিচিয়ে ২০২২চনৰ টী-২০ বিশ্বকাপৰ সূচী ঘোষণা কৰিছে। যোৱা বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজৰ মেচেৰে ছিডনিত ২২অক্টোবৰত আৰম্ভ হ’ব মূল পৰ্বৰ খেল।

সূচী অনুসৰি, দুখন ছেমিফাইনেল ৯ আৰু ১০ নৱেম্বৰত ক্ৰমে ছিডনি আৰু এডিলেইডত খেলোৱা হ’ব। সেইদৰে, ১৩ নৱেম্বৰত মেলব’ৰ্ণত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।

মূল পৰ্বৰ ছুপাৰ-১২ৰ গ্ৰুপ-২ত ভাৰত, পাকিস্তানৰ উপৰি আছে বাংলাদেশ, দক্ষিণ আফ্ৰিকা আৰু যোগ্যতা অৰ্জন পৰ্যায়ৰ পৰা অহা দুটা দল।

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰত ব্ৰাজিলৰ ফুটবলাৰ ৰবিনহোৱে খাটিবই লাগিব ৯বছৰৰ কাৰাবাস

আনহাতে, গ্ৰুপ-১ত আছে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড, আফগানিস্তান আৰু যোগ্যতা অৰ্জন পৰ্যায়ৰ পৰা অহা দুটা দল।

গ্ৰুপ পৰ্যায়ত ভাৰত খেলসমূহ আছে ২৩ অক্টোবৰ (পাকিস্তান, মেলব’ৰ্ণ, দুপৰীয়া ১-৩০বজাত), ২৭ অক্টোবৰ (যোগ্যতা অৰ্জনকাৰী দল, ছিডনি, দুপৰীয়া ১২-৩০বজাত), ৩০ অক্টোবৰ (দক্ষিণ আফ্ৰিকা (পাৰ্থ, আবেলি ৪-৩০বজাত), ২ নৱেম্বৰ (বাংলাদেশ, এডিলেইড, দুপৰীয়া ১-৩০বজাত), ৬নৱেম্বৰ (যোগ্যতা অৰ্জনকাৰী দল, মেলব’ৰ্ণ, দুপৰীয়া ১-৩০বজাত)।

আনহাতে, ছেমিফাইনেল দুখন আৰু ফাইনেল খেলখন ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১-৩০বজাৰ পৰা আৰম্ভ হ’ব।

এইবাৰ যোগ্যতা অৰ্জনৰ পৰ্যায়ত গ্ৰুপ-এত শ্ৰীলংকা, নামিবিয়া আৰু দুটা দল আছে। সেইদৰে, গ্ৰুপ-বিত ৱেষ্ট ইণ্ডিজ, স্কটলেণ্ডৰ সৈতে আছে আন দুটা দল।