অসম বিধানসভা নিৰ্বাচনৰ এক্সিট প’লৰ ফলাফল: কোনে কাক কিমান দিলে?

index

বৰ্তমানলৈ প্ৰকাশ পোৱা এক্সিট প’লে অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজয়ৰ সম্ভাৱনা দাঙি ধৰিছে। India Today- AXIS My India ৰ সমীক্ষাই অসমত বিজেপি মিত্ৰজোঁটৰ বিজয়ৰ সম্ভাৱনাকে দাঙি ধৰিছে।

সেইদৰে, Republic-CNXৰ মতেও অসমত পৰৱৰ্তী চৰকাৰ বিজেপি মিত্ৰজোঁটৰেই হ’ব বুলি দেখুৱাইছে।

India Today-AXIS My India ৰ মতে আসন ভাগ বটোৱাৰা হ’ব এনেধৰণৰঃ-

বিজেপি মিত্ৰজোঁট: ৭৫-৮৫

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট: ৪০-৫০

অন্যান্য: ১-৪

আনহাতে,

Republic-CNXৰ মতে আসন ভাগ বটোৱাৰা হ’ব এনেধৰণৰঃ-

বিজেপি মিত্ৰজোঁট:  বিজেপি ৬০-৬৬, অগপ ১০-১৪, ইউপিপিএল ৩-৫

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট:  কংগ্ৰেছ ২৬-২৮. এআইইউডিএফ ১১-১৩, বিপিএফ ৫-৭,

অন্যান্য: ১-৩

অসম বিধানসভা নিৰ্বাচন ২০২১’ৰ বাবে ভোটগ্ৰহণ যোৱা ২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ৰাজ্যখনত ৮২.০৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল।

অসমত বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে। ২০১৬চনত বিজেপি মিত্ৰজোঁটে ১২৬খন আসনৰ ভিতৰত ৮৬খন আসন লাভ কৰিছিল।

এইবাৰ বিজেপিয়ে কংগ্ৰেছ আৰু এআইইউডিএফকে ধৰি ৮টা দলৰ মহাজোঁটৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

বিজেপি মিত্ৰজোঁটৰ ভিতৰত বিজেপিয়ে ৯২খন, অসম গণ পৰিষদে ২৬খন আৰু ইউপিপিএলে ৮খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

আনহাতে, বিৰোধী মহাজোঁটত কংগ্ৰেছে ৯৪খন, এআইইউডিএফে ১৪খন, বিপিএফে ১২খন চিপিআইএমে ২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তদুপৰি, চিপিআইএম(এল) , অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলে এখনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।