সমুখত আজি শক্তিশালী অষ্ট্ৰেলিয়াঃ এছিয়ান কাপ অভিযানৰ বাবে সাজু ‘মেন ইন ব্লু’
ঠিক অলপ সময় পিছতে, বিয়লি ৫ বজাত কাটাৰৰ আহমদ বিন আলী ষ্টেডিয়ামত এছিয়ান কাপৰ অভিযান আৰম্ভ কৰিব ভাৰতীয় দলে। প্ৰতিপক্ষ শক্তিশালী অষ্ট্ৰেলিয়া।
এবছৰ পূৰ্বে এই একেই স্থানতে এই অষ্ট্ৰেলিয়াই প্ৰায় ৰুদ্ধ কৰিবলৈ আগবাঢ়িছিল মেছি বাহিনীৰ বিশ্বজয়ৰ স্বপ্ন। অৱশ্যে মাৰ্টিনেজৰ বীৰোচিত প্ৰদৰ্শনৰ সুবাদত অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল।
এই অষ্ট্ৰেলিয়াকে প্ৰতিদ্বন্দিতা জনাবলৈ সাজু হৈছে সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দল। প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকৰ কৌশলী পৰিকল্পনাৰে অৱতীৰ্ণ হ’বলৈ সাজু মেন ইন ব্লু।
ইতিমধ্যে ষ্টিমাকে দলক সকীয়নি দিছেই, আহি আছে এক প্ৰবল ধুমুহা। খেলপথাৰত এই ধুমুহাক প্ৰত্যাহ্বান জনাবলৈ ষ্টিমাকে নিশ্চয় প্ৰস্তুত কৰিছে ৰণকৌশল।
মেচখনৰ বাবে ইতিমধ্যে মূল একাদশ ঘোষণা কৰিছে ভাৰতে। তাৰকা ডিফেণ্ডাৰ আনৱাৰ আলীৰ অনুপস্থিতিয়ে দলত অনুভৱ হ’ব যদিও সন্দেশ, ৰাহুল আৰু শুভাশীসৰ দৰে তাৰকাৰ ৰক্ষণ সহজে ভেদ কৰিব নোৱাৰিব বুলিয়েই আশা।
এই ৰক্ষণ ভেদ কৰি গ’লেও অষ্ট্ৰেলিয়ান খেলুৱৈৰ শ্বট প্ৰতিহতৰ বাবে সাজু থাকিব গুৰপ্ৰীত। এবছৰ পূৰ্বে মাৰ্টিনেজৰ চমকৰ দৰেই যদি আজি অষ্ট্ৰেলিয়াক বশ কৰে, তেন্তে ভাৰতীয় দলৰ বাবে সেয়া হ’ব প্ৰধান শক্তি।
একেদৰে আক্ৰমণতো আব্দুল ছামাদৰ অভাৱ অনুভৱ কৰিব ভাৰতে। অৱশ্যে অধিনায়ক ছেত্ৰীক মূখ্য কৰি চলিব লগা দলৰ আক্ৰমণ বিভাগক কোনোপধ্যে দুৰ্বল বুলিবও নোৱাৰি।
ছেত্ৰীৰ লগতে ভাৰতীয় ফুটবলৰ ভৱিষ্যতৰ সম্ভাৱনা ছাংটে, নিখিল, মনবীৰে অষ্ট্ৰেলিয়াৰ বক্সত চলাব লাগিব আক্ৰমণ। বেঞ্চত থকা থাপা, মহেশ আৰু৭ ফাৰ্নাণ্ডেজৰো আছে সঠিক কৌশল।
উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ লগতে প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰতিদ্বন্দী আন দুটা দল হৈছে উজবেকিস্তান আৰু ছিৰিয়া। এনে শক্তিশালী প্ৰতিপক্ষৰ প্ৰতিদ্বন্দিতা নেওচি আগবঢ়াটো কঠিন যদিও আশাবাদী ভাৰতীয় দল তথা অনুৰাগী।