• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাতৃয়ে বিক্ৰী কৰিছিল সোণৰ চেইন, পিতৃয়ে লৈছিল ৮০০ টকা ধাৰঃ পুত্ৰ এতিয়া টীম ইণ্ডিয়াৰ তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 3:55 pm
Dhruv Jurel India squad for England test
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিশা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে ঘোষণা কৰে ভাৰতীয় দল। ঘোষিত দলটোত অন্তৰ্ভুক্ত হৈছে এখন মুখ।

এগৰাকী যুৱ তাৰকাক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ জনাইছে নিৰ্বাচকে। ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত দলত স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ যুৱ খেলুৱৈ ধ্ৰুৱ জুৰেলে।

Apply Now

তাৰ পিছতে চৰ্চালৈ আহিছে জুৰেলৰ ক্ৰিকেটীয় যাত্ৰাৰ কণ্টকময় পথৰ কাহিনী। বিগত বৰ্ষত বিদৰ্ভৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাইছিল উদীয়মান তাৰকাগৰাকীয়ে।

এতিয়ালৈকে ঘৰুৱা ক্ৰিকেটত জুৰেলে এটা শতক আৰু পাঁচটা অৰ্ধশতকেৰে ৪৬ গড়ে ১৫ খন মেচত ৭৯০ ৰাণ সংগ্ৰহ কৰিছে। উইকেটৰক্ষক বেটাৰগৰাকীৰ শেহতীয়া প্ৰদৰ্শনো চকুত লগা।

গত ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাত ইণ্ডিয়া এ দলৰ অংশ আছিল জুৰেল। এই ভ্ৰমণত তেওঁ বেনোনিত অনুষ্ঠিত দ্বিতীয় মেচত খেলিছিল ৬৯ ৰাণৰ এটা দৰ্শনীয় ইনিংছ।

শেহতীয়াকৈ ৰঞ্জী ট্ৰফীৰ প্ৰথম ৰাউণ্ডৰ গ্ৰুপ মেচত জুৰেলে উত্তৰ প্ৰদেশৰ হৈ কেৰালাৰ বিৰুদ্ধে ৬৩ ৰাণৰো এক গুৰুত্বপূৰ্ণ ইনিংছ। এনে প্ৰদৰ্শনৰ ভিত্তিত তেওঁক দলৰ তৃতীয় উইকেটৰক্ষক হিচাপে বাছনি কৰা হৈছে।

ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ পিছতে জুৰেলে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। তেতিয়াই তেওঁ ভাৰতীয় দলত অন্তৰ্ভুক্তিলৈকে তেওঁ কেনে এক কঠিন সময় পাৰ কৰিব লগা হৈছে, সেই বিষয়ে উল্লেখ কৰে।

জুৰেলে সদৰী কৰা মতে, আৰ্মি স্কুলত পঢ়ি থাকোঁতে তেওঁ ছুটীৰ সময়ত আগ্ৰাৰ একলব্য ষ্টেডিয়ামত ক্ৰিকেট শিবিৰত যোগদান কৰাৰ কথা ভাবে আৰু ফৰ্মো পূৰণ কৰে। কিন্তু এই বিষয়ে তেওঁ জনোৱা নাছিল পিতৃক।

পিছে পিতৃয়ে পিছত এই বিষয়ে জানিব পাৰে আৰু জুৰেলক ইয়াৰ বাবে হুমকিও দিয়ে। অৱশ্যে তেওঁৱেই পিছত পুত্ৰক আনি দিয়ে এখন বেট। লক্ষণীয়ভাৱে এই বেটখন ক্ৰয়ৰ বাবে তেওঁ ৮০০ টকা ধাৰ লৈছিল

ইফালে বেট পালেও ধ্ৰুৱৰ ওচৰত নাছিল ক্ৰিকেট কিট আৰু সেয়ে তেওঁ ক্ৰিকেট কিটৰ বাবে আব্দাৰ ধৰে। ইয়াৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব বুলি পিতৃয়ে সোধাত ধ্ৰুৱই প্ৰায় ছয়-সাত হাজাৰ টকা লাগে বুলি জানিবলৈ দিয়ে।

কিন্তু ইমান পৰিমাণৰ টকা খৰচ কৰিবলৈ ধ্ৰুৱৰ পিতৃৰ সামৰ্থ নাছিল আৰু সেয়ে তেওঁ ধ্ৰুৱক ক্ৰিকেট বাদ দিবলৈ পৰামৰ্শ দিয়ে। পিছে ধ্ৰুৱ আছিল নিজৰ সিদ্ধান্তত অটল আৰু ক্ষোভতে ধ্ৰুৱই বাথৰুমত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে।

এনে পৰিস্থিতিৰ পিছত ধ্ৰুৱৰ মাতৃয়ে নিজৰ সোণৰ চেইন বিক্ৰী কৰি পুত্ৰ ধ্ৰুৱৰ বাবে ক্ৰয় কৰি আনে ক্ৰিকেট কিট। এনে এক কঠিন পৰিস্থিতিৰ পৰা ক্ৰমাৎ উত্তৰণেৰে নিজৰ যোগ্যতাৰ বলত সেই ধ্ৰুৱ এতিয়া সাজু হৈছে ভাৰতীয় দলক প্ৰতিনিধিত্বৰ বাবে।

ইফালে কালি ভাৰতীয় দৰ্ষ্থান লাভৰ পিছতে ধ্ৰুৱই পৰিয়ালক দিয়ে এই সুখবৰ। ইতিপূৰ্বে ভাৰত এ দলক প্ৰতিনিধিত্ব কৰা ধ্ৰুৱক পৰিয়ালে সোধে তেওঁ কোনটো ভাৰতীয় দললৈ নিৰ্বাচিত হৈছে।

পৰিয়ালৰ এই প্ৰশ্নত যেতিয়া ধ্ৰুৱই ৰাহিত আৰু কোহলীয়ে খেলা ভাৰতীয় দলটোলৈ নিৰ্বাচিত হোৱা বুলি জানিবলৈ দিয়ে, গোটেই পৰিয়ালটো তেতিয়া আৱেগিক হৈ পৰা বুলি উল্লেখ কৰে ধ্ৰুৱ জুৰেলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd