• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃয়ে বিক্ৰী কৰিছিল সোণৰ চেইন, পিতৃয়ে লৈছিল ৮০০ টকা ধাৰঃ পুত্ৰ এতিয়া টীম ইণ্ডিয়াৰ তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 3:55 pm
Dhruv Jurel India squad for England test
12.8k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে নিশা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে ঘোষণা কৰে ভাৰতীয় দল। ঘোষিত দলটোত অন্তৰ্ভুক্ত হৈছে এখন মুখ।

এগৰাকী যুৱ তাৰকাক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ জনাইছে নিৰ্বাচকে। ঘৰুৱা ক্ৰিকেটত আগবঢ়োৱা প্ৰদৰ্শনৰ সুবাদত দলত স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ যুৱ খেলুৱৈ ধ্ৰুৱ জুৰেলে।

তাৰ পিছতে চৰ্চালৈ আহিছে জুৰেলৰ ক্ৰিকেটীয় যাত্ৰাৰ কণ্টকময় পথৰ কাহিনী। বিগত বৰ্ষত বিদৰ্ভৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটাইছিল উদীয়মান তাৰকাগৰাকীয়ে।

এতিয়ালৈকে ঘৰুৱা ক্ৰিকেটত জুৰেলে এটা শতক আৰু পাঁচটা অৰ্ধশতকেৰে ৪৬ গড়ে ১৫ খন মেচত ৭৯০ ৰাণ সংগ্ৰহ কৰিছে। উইকেটৰক্ষক বেটাৰগৰাকীৰ শেহতীয়া প্ৰদৰ্শনো চকুত লগা।

গত ডিচেম্বৰ মাহত দক্ষিণ আফ্ৰিকা এ দলৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাত ইণ্ডিয়া এ দলৰ অংশ আছিল জুৰেল। এই ভ্ৰমণত তেওঁ বেনোনিত অনুষ্ঠিত দ্বিতীয় মেচত খেলিছিল ৬৯ ৰাণৰ এটা দৰ্শনীয় ইনিংছ।

শেহতীয়াকৈ ৰঞ্জী ট্ৰফীৰ প্ৰথম ৰাউণ্ডৰ গ্ৰুপ মেচত জুৰেলে উত্তৰ প্ৰদেশৰ হৈ কেৰালাৰ বিৰুদ্ধে ৬৩ ৰাণৰো এক গুৰুত্বপূৰ্ণ ইনিংছ। এনে প্ৰদৰ্শনৰ ভিত্তিত তেওঁক দলৰ তৃতীয় উইকেটৰক্ষক হিচাপে বাছনি কৰা হৈছে।

ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ পিছতে জুৰেলে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। তেতিয়াই তেওঁ ভাৰতীয় দলত অন্তৰ্ভুক্তিলৈকে তেওঁ কেনে এক কঠিন সময় পাৰ কৰিব লগা হৈছে, সেই বিষয়ে উল্লেখ কৰে।

জুৰেলে সদৰী কৰা মতে, আৰ্মি স্কুলত পঢ়ি থাকোঁতে তেওঁ ছুটীৰ সময়ত আগ্ৰাৰ একলব্য ষ্টেডিয়ামত ক্ৰিকেট শিবিৰত যোগদান কৰাৰ কথা ভাবে আৰু ফৰ্মো পূৰণ কৰে। কিন্তু এই বিষয়ে তেওঁ জনোৱা নাছিল পিতৃক।

পিছে পিতৃয়ে পিছত এই বিষয়ে জানিব পাৰে আৰু জুৰেলক ইয়াৰ বাবে হুমকিও দিয়ে। অৱশ্যে তেওঁৱেই পিছত পুত্ৰক আনি দিয়ে এখন বেট। লক্ষণীয়ভাৱে এই বেটখন ক্ৰয়ৰ বাবে তেওঁ ৮০০ টকা ধাৰ লৈছিল

ইফালে বেট পালেও ধ্ৰুৱৰ ওচৰত নাছিল ক্ৰিকেট কিট আৰু সেয়ে তেওঁ ক্ৰিকেট কিটৰ বাবে আব্দাৰ ধৰে। ইয়াৰ বাবে কিমান টকাৰ প্ৰয়োজন হ’ব বুলি পিতৃয়ে সোধাত ধ্ৰুৱই প্ৰায় ছয়-সাত হাজাৰ টকা লাগে বুলি জানিবলৈ দিয়ে।

কিন্তু ইমান পৰিমাণৰ টকা খৰচ কৰিবলৈ ধ্ৰুৱৰ পিতৃৰ সামৰ্থ নাছিল আৰু সেয়ে তেওঁ ধ্ৰুৱক ক্ৰিকেট বাদ দিবলৈ পৰামৰ্শ দিয়ে। পিছে ধ্ৰুৱ আছিল নিজৰ সিদ্ধান্তত অটল আৰু ক্ষোভতে ধ্ৰুৱই বাথৰুমত সোমাই ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়ে।

এনে পৰিস্থিতিৰ পিছত ধ্ৰুৱৰ মাতৃয়ে নিজৰ সোণৰ চেইন বিক্ৰী কৰি পুত্ৰ ধ্ৰুৱৰ বাবে ক্ৰয় কৰি আনে ক্ৰিকেট কিট। এনে এক কঠিন পৰিস্থিতিৰ পৰা ক্ৰমাৎ উত্তৰণেৰে নিজৰ যোগ্যতাৰ বলত সেই ধ্ৰুৱ এতিয়া সাজু হৈছে ভাৰতীয় দলক প্ৰতিনিধিত্বৰ বাবে।

ইফালে কালি ভাৰতীয় দৰ্ষ্থান লাভৰ পিছতে ধ্ৰুৱই পৰিয়ালক দিয়ে এই সুখবৰ। ইতিপূৰ্বে ভাৰত এ দলক প্ৰতিনিধিত্ব কৰা ধ্ৰুৱক পৰিয়ালে সোধে তেওঁ কোনটো ভাৰতীয় দললৈ নিৰ্বাচিত হৈছে।

পৰিয়ালৰ এই প্ৰশ্নত যেতিয়া ধ্ৰুৱই ৰাহিত আৰু কোহলীয়ে খেলা ভাৰতীয় দলটোলৈ নিৰ্বাচিত হোৱা বুলি জানিবলৈ দিয়ে, গোটেই পৰিয়ালটো তেতিয়া আৱেগিক হৈ পৰা বুলি উল্লেখ কৰে ধ্ৰুৱ জুৰেলে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd