NORTHEAST NOW (Assamese)

এদিনীয়াৰ প্ৰত্যাৱৰ্তনত ‘পাৰ্থ’ত নচলিল ৰোহিত-কোহলীৰ যাদু! আশাহত ক্ৰিকেটানুৰাগী

October 19, 2025 12:03 pm · এন ই নাও নিউজ, গুৱাহাটী

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলা দুই দ্বিগজৰ বাবে কেৰিয়াৰ ৰক্ষাৰ যুঁজ। আৰু সেই যুঁজৰ প্ৰথম পৰ্যায়তে ভাৰতীয় ক্ৰিকেটৰ দুই মহান খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হয়। পাৰ্থত অনুষ্ঠিত প্ৰথমখন খেলত ৰোহিতে ৮ ৰান সংগ্ৰহ কৰে। আৰু বিৰাটে কোনো ৰান সংগ্ৰহ  নকৰাকৈয়ে আউট হয়।

ৰোহিতে শেহতীয়াকৈ এদিনীয়া দলৰ অধিনায়কত্ব হেৰুৱাইছে। ইফালে লাহে লাহে ভাৰতীয় ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ৰ খিতাপ হেৰুৱাইছে কোহলীয়ে। বহুদিনৰ মূৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰে টিম ইণ্ডিয়াৰ মহান খেলুৱৈ দুগৰাকীয়ে। 

‘ৰ’-কো’ৰ অনুৰাগীসকলে হয়তো আশা কৰিছিল যে মহান নায়ক দুজনে খেলপথাৰত নামি সমালোচকৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। ফৰ্ম আৰু সামৰ্থ্যক লৈ সন্দেহ প্ৰকাশ কৰা নিৰ্বাচক বা প্ৰশিক্ষকক স্পষ্ট উত্তৰ দিব। কিন্তু কল্পনা আৰু বাস্তৱৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। তদুপৰি প্ৰত্যাৱৰ্তনৰ কাহিনীবোৰ সদায় ৰোমান্টিক নহয়। ৰোহিত-কোহলীৰ ক্ষেত্ৰতো ইয়াৰ কোনো ব্যতিক্ৰম নাছিল।

আচলতে পাৰ্থৰ পৰিস্থিতি বেটিঙৰ বাবে একেবাৰেই অনুকূল নাছিল। পেচাৰসকলৰ বাবে এই ষ্টেডিয়াম অধিক উপযোগী। তাৰ ওপৰত আকৌ ডাৱৰীয়া আকাশত মহান খেলুৱৈ দুজনে হেজলউড-ষ্টাৰক চম্ভালিব পৰা নাছিল। ইয়াৰ মাজতে ৰ’-কোৰ এই ব্যৰ্থতাই তেওঁলোকৰ কেৰিয়াৰক লৈ অনুৰাগীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

Related News