যদি সময় থাকোতেই ভাৰত চৰকাৰে দেশবাসীক ভেকচিন প্ৰদানৰ সু-পৰিকল্পিত নীতি যুগুতাই উলিয়াব নোৱৰে তেন্তে ভাৰতক কোভিডৰ আৰু কেইবাটাও ঢৌৱে বিধ্বস্ত কৰিব।
এই মত প্ৰকাশ কৰিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে কয় যে ক২ৰ’না বাইৰাছৰ সৈতে যুঁজ দিয়াত লকডাউনে সহায় কৰিছে, মাস্ক, সামাজিক দূৰত্ব আদি বি।য় সমূহেও কোভিডৰ সংক্ৰমণ বহু পৰিমাণে ৰোধ কৰিছে।
কিন্তু কেৱল এনেবোৰ ব্যৱস্থাৰ জৰিয়তেই কোভিডক বশ কৰিব পৰা নাযাব। ইয়াৰ বাবে লাগিব দেশৰ সকলো জনতাকে ভেকচিন প্ৰদানৰ এখন সু-পৰিকল্পিত আঁচনি লাগিব।
কেৱল সকলো লোককে ভেকচিন প্ৰদান কৰিব পাৰিলেহে কোভিডক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আনিব পাৰিব। আজি এখন ভাৰ্চুৱেল সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে কয়—’ যদি আমি সঠিক সময়ত সঠিক ভাবে ভেকচিন প্ৰদানৰ আঁচনি গ্ৰহণ কৰিব নোৱাৰো , তেন্তে ভাৰতক কোভিডৰ তৃতীয়, চতুৰ্থ,পঞ্চম আদি কেইবাটাও ঢৌৱে ঢৌৱাই যাব’।
দেশৰ ৯৭ শতাংশ লোকেই এতিয়া ভেকচিন লাভ নকৰাকৈ আছে, কেৱল ৩ শতাংশ লোকেহে ভেকচিন লাভ কৰিছে বুলিও ৰাহুল গান্ধীয়ে মন্তব্য কৰে।
দেশত কোভিডত ইমান বেছি সংখ্যক মানুহৰ মৃত্যুৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়েই দায়ী বুলিও ৰাহুল গান্ধীয়ে কয়।প্ৰধানমন্ত্ৰীৰ সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেই ইমান বেছি সংখ্যক মানুহৰ মৃত্যু ঘটা বুলি ৰাহুলে মন্তব্য কৰে।
ভাৰতত কোভিডত মৃত্যু ঘটা লোকৰ পৰিসংখ্যা চৰকাৰে ভুলকৈ প্ৰকাশ কৰি আছে বুলিও ৰাহুলে অভিযোগ কৰে।