• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী চীন

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2023 5:40 pm
india to overtake china in population
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়াৰ মহাশক্তিধৰ দেশ চীনক অতিক্ৰম কৰি শীঘ্ৰেই শীৰ্ষ স্থানত উপনীত হ’ব ভাৰত। ২০২৩ বৰ্ষতে ভাৰতে চীনক হেলাৰঙে অতিক্ৰম কৰি শীৰ্ষ স্থান লাভ কৰিব। অৱশ্যে এয়া অৰ্থনৈতিক বিকাশ বা বহনক্ষম উন্নয়ন আদি দিশত নহয়, জনসংখ্যাৰ ক্ষেত্ৰতহে চীনক পিছ পেলাবলৈ আগবাঢ়িছে ভাৰত।

ৰাষ্ট্ৰ সংঘৰ এক বিশেষ প্ৰতিবদনে দাবী কৰিছে এই কথা। এই প্ৰতিবেদন অনুসৰি এছিয়াৰ ছুপাৰ পাৱাৰ চীনক অতিক্ৰম কৰি ভাৰতে চলিত বৰ্ষতে জনসংখ্যাৰ ক্ষেত্ৰত দখল কৰিব বিশ্বৰ এক নম্বৰ স্থান। ৰাষ্ট্ৰ সংঘৰ অৰ্থনীতি আৰু সামাজিক পৰিক্ৰমাৰ জনসংখ্যাৰ বিভাগে প্ৰকাশ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে ভাৰতৰ বাবে এই উদ্বেগজনক তথ্য।

Apply Now

প্ৰতিবেদনখনৰ মতে ক্ৰমাগতভাৱে চীনৰ জন্মৰ হাৰ হ্ৰাস পাইছে কিন্তু তাৰ বিপৰীতে ভাৰতত জন্ম হাৰৰ অস্বাভাৱিক গতি অব্যাহত আছে। অৰ্থাৎ দেশত অস্বাভাৱিক জন্ম হাৰ নিয়ন্ত্ৰণত যোৱা চূড়ান্তভাৱে ব্যৰ্থ হৈছে ভাৰত চৰকাৰ।

বৰ্তমান ভাৰতৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ১৩৮ কোটি। আনহাতে চীনৰ মুঠ জনসংখ্যা হৈছে ১৪১ কোটি। এই গতি অব্যাহত থাকিলে ২০৫০ চনত ভাৰতৰ জনসংখ্যা ১৬৬ কোটিলৈ বৃদ্ধি পাব বুলি প্ৰতিবেদনখনে দাবী কৰিছে।

উল্লেখ্য যে চীনে ৱান চাইল্ড পলিচি অৰ্থাৎ এক সন্তান নীতিৰে দেশত শিশু জন্মৰ হাৰ নিয়ন্ত্ৰণলৈ আনিছিল। ১৯৮০ চনত চীনে দেশখনত এই নীতি অতি কঠোৰভাৱে বলৱৎ কৰিছিল। যাৰ ফলত চীনৰ দম্পতীসকলে কেৱল এটাকৈ সন্তান জন্ম দিবলৈ বাধ্য হৈ পৰিছিল।

চীনত এক সন্তান নীতিয়ে অভাৱনীয়ভাৱে সফলতা লাভ কৰাৰ পাছত দেশখনে এই কঠোৰ নীতি অৱশেষত অন্ত পেলায়। ২০১৬ চনত এই নীতি অন্ত পেলোৱাৰ পাছত ২০২১ চনত চীনে দুটা সন্তানৰ নীতি প্ৰৱৰ্তন কৰে। এক সন্তানৰ নীতিয়ে দেশখনত দ্ৰুতভাৱে সন্তান জন্মৰ হাৰ হ্ৰাস কৰাটোক প্ৰতিহত কৰিবলৈ এই নতুন নীতি প্ৰৱৰ্তন কৰা হয়।

ইয়াৰ বিপৰীতে ভাৰতত এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা জন্ম নিয়ন্ত্ৰণৰ সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিলেও এই আকাংক্ষিত লক্ষ্যত উপণীত হ’ব পৰা নাই ভাৰত। দেশৰ প্ৰতিখন ৰাজ্যৰে অতি প্ৰান্তীয় গ্ৰামাঞ্চলত জন্ম নিয়ন্ত্ৰণৰ প্ৰচেষ্টাই বিশেষ ফল দিয়া নাই।

ইফালে অৰ্থনৈতিকভাৱে পিছপৰা, দৰিদ্ৰ লোকৰ মাজত এতিয়াও বহু সন্তান জন্ম দিয়াৰ প্ৰৱণতা অন্ত পৰা নাই। যিটোত সজাগতা বৃদ্ধিত ব্যৰ্থ হৈছে চৰকাৰ। তথ্য অনুসৰি ভাৰতত বছৰি ২৪ নিযুত সন্তানৰ জন্ম হয়। এয়া হৈছে চৰকাৰী স্বাস্থ্য বিভাগৰ শিশুৰ জন্ম পঞ্জীয়নৰ তথ্য।

ইফালে বহু প্ৰান্তীয় অঞ্চলত শিশুৰ জন্ম চৰকাৰীভাৱে পঞ্জীয়ন কৰা নহয়। সেয়ে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা তথ্যতকৈ ভাৰতত শিশুৰ জন্ম হাৰ অধিক বুলি উল্লেখ কৰিছে। আনহাতে দেশত শিশুৰ জন্মোত্তৰ মৃত্যুৰ হাৰ পূৰ্বতকৈ দুগুণ হ্ৰাস হৈছে।

লক্ষণীয়ভাৱে ভাৰতত সন্তান জন্মৰ ক্ষেত্ৰত কোনো চৰকাৰী বাধা নিষেধ নাই। চহৰীয়া অঞ্চল তথা উচ্চ বিত্ত আৰু মধ্যবিত্তৰ মাজত সন্তান জন্মৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি পালেও গ্ৰামাঞ্চলত এই সজাগতা বৃদ্ধি পোৱা নাই। যাৰ ফলত চীনৰ তুলনাত ভাৰতত শিশু জন্মৰ হাৰ অভাৱনীয় হাৰত বৃদ্ধি পোৱা দেখা গৈছে।

ইয়াৰ ফলতে ২০২৩ বৰ্ষতে ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ অধিকাৰী দেশত পৰিণত হ’ব বুলি কোৱা হৈছে। এই তথ্য ভাৰতৰ বাবে অতি উদ্বেগজনকৰূপে বিবেচিত হৈছে। অস্বাভাৱিক জনসংখ্যা বৃদ্ধিয়ে উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতৰ বিকাশকো অতি মন্থৰ কৰি তোলাটো নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd