• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

ইন্ধনৰ ৰপ্তানিত অতিৰিক্ত মুনাফা শুল্কৰ সালসলনি কেন্দ্ৰীয় চৰকাৰৰ: ডিজেল আৰু বিমানৰ ইন্ধনৰ ৰপ্তানি শুল্ক বৃদ্ধি, হ্ৰাস পালে পেট্ৰ'লৰ মাচুল

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 16, 2026 1:08 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ ফলত হৰমুজ প্ৰণালীত সৃষ্টি হোৱা নতুন অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ইন্ধন ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা অতিৰিক্ত মুনাফা শুল্ক বা উইণ্ডফল টেক্সৰ গাঁথনিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰিছে। কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি, বিদেশলৈ ৰপ্তানি কৰা ডিজেল আৰু বিমানৰ ইন্ধনৰ (এটিএফ) অতিৰিক্ত মুনাফা শুল্ক বৃদ্ধি কৰা হৈছে, আনহাতে পেট্ৰ’লৰ ৰপ্তানি শুল্ক হ্ৰাস কৰা হৈছে। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱা এই নতুন শুল্ক গাঁথনি কেৱল ৰপ্তানিৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে বিক্ৰী কৰা ইন্ধনৰ মূল্যত ইয়াৰ কোনো প্ৰভাৱ নপৰে।

 

Apply Now

নতুন নিৰ্দেশনা অনুসৰি, ডিজেলৰ ৰপ্তানিৰ ক্ষেত্ৰত ইমান দিনে প্ৰতি লিটাৰত আঠ টকা পঞ্চাশ পইচাকৈ লোৱা অতিৰিক্ত মুনাফা শুল্ক বৃদ্ধি কৰি পোন্ধৰ টকা পঞ্চাশ পইচা কৰা হৈছে। একেদৰে, বিমানৰ ইন্ধনৰ ক্ষেত্ৰতো এই শুল্ক প্ৰতি লিটাৰত সাত টকা পঞ্চাশ পইচাৰ পৰা চৈধ্য টকা পঞ্চাশ পইচালৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে, পেট্ৰ’ল ৰপ্তানিৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰতি লিটাৰত চাৰি টকাৰ পৰা শুল্কৰ পৰিমাণ দুই টকা পঞ্চাশ পইচালৈ হ্ৰাস কৰা হৈছে।

 

উল্লেখযোগ্য যে, কোনো বিশেষ পৰিস্থিতিত তৈল কোম্পানিসমূহে অপ্ৰত্যাশিতভাৱে বৃহৎ পৰিমাণৰ লাভ অৰ্জন কৰিলে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ওপৰত এই উইণ্ডফল টেক্স বা অতিৰিক্ত শুল্ক আৰোপ কৰে। সাম্প্ৰতিক সময়ত আমেৰিকা আৰু ইৰাণৰ উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বুধবাৰে ব্ৰেন্ট খাৰুৱা তেলৰ মূল্য প্ৰায় দুই শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৮৪.৭৩ ডলাৰত উপনীত হয়, যিটো যোৱা এমাহৰ ভিতৰত সৰ্বোচ্চ। এনে পৰিস্থিতিত ইন্ধন ৰপ্তানিৰ জৰিয়তে কোম্পানিসমূহে লাভ কৰিব পৰা অতিৰিক্ত মুনাফা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি  সদৰী কৰিছে।

 

সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে প্ৰতি দুসপ্তাহৰ অন্তৰে অন্তৰে এই অতিৰিক্ত মুনাফা শুল্কৰ পৰ্যালোচনা কৰি প্ৰয়োজনীয় সালসলনি কৰে। ইয়াৰ পূৰ্বে যোৱা ত্ৰিশ জুনত কৰা পৰ্যালোচনা মৰ্মে এক জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিজেল আৰু বিমানৰ ইন্ধনৰ ৰপ্তানি শুল্ক ক্ৰমে চৈধ্য টকাৰ পৰা আঠ টকা পঞ্চাশ পইচা আৰু বাৰ টকা পঞ্চাশ পইচাৰ পৰা সাত টকা পঞ্চাশ পইচালৈ হ্ৰাস কৰা হৈছিল। সেই সময়ত পেট্ৰ’লৰ শুল্ক এক টকা পঞ্চাশ পইচাৰ পৰা চাৰি টকালৈ বৃদ্ধি কৰা হৈছিল যদিও বৰ্তমান সেয়া পুনৰ আঢ়ৈ টকালৈ হ্ৰাস কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আগন্তুক দিনতো চৰকাৰে এই শুল্ক ব্যৱস্থাৰ পৰ্যালোচনা অব্যাহত ৰাখিব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd