NORTHEAST NOW (Assamese)

বৰ্ষাপাৰাত আজি সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰত

March 9, 2019 9:05 am · এন ই নাও নিউজ
ভাৰত আৰু ইংলেণ্ডৰ মহিল ক্ৰিকেট দলটোৰ খেলৰ এটা মহুৰ্ত

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি শৃংখলাৰ অন্তিমখন খেলত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা ক্ৰিকেট দলটো। ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাটোৰ প্ৰথম দুখত খেলত প্ৰতিদ্বন্দ্বিতা অবিহনে পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলা হেৰুৱাইছে।

হৰমনপ্ৰীত কৌৰৰ অনুপস্থিতিত অধিনায়ক হিচাপে দায়িত্ব লোৱা ভাৰতীয় দলৰ তাৰকা বেটছমেন স্মৃতি মান্ধানা নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজি ঘৰুৱা দৰ্শকক সন্তুষ্ট কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল কৰিলেও টি-২০ ত ভ্ৰমণকাৰী দলটোৰ বিৰুদ্ধে ব্যৰ্থ হয় ভাৰত।

আনহাতে, প্ৰথম দুয়োখন খেলত জয়ী হৈ শৃংখলা দখল কৰি আত্মবিশ্বাসী হৈ থকা ইংলেণ্ডে জয়েৰে অভিযান সামৰাৰ লক্ষ্যৰে খেল পথাৰত অৱতীৰ্ণ হ’ব। দুই অপেনাৰৰ লগতে অধিনায়ক দুৰ্দান্ত ফৰ্মত আছে।

কামাখ্যা মন্দিৰ দৰ্শনৰ সময়ত শুকুৰবাৰে ভাৰতীয় মহিলা ক্ৰীকেট দলটোৰ সদস্যসকল

ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈছে অধিনায়ক স্মৃতি মান্ধানাৰ দুৰ্বল ফৰ্ম। ক্ৰমাগতভাবে দুয়োটা ইংনিছত ব্যৰ্থ হৈছে মান্ধানা। অভিজ্ঞ মিথালী ৰাজেও দলক জয় কৰাব পৰা দিঘলীয়া ইনিংছ খেলিব পৰা নাই। তথাপি অন্তিমখন খেলত জয়ৰ লক্ষ্যৰে নামিব ভাৰত।

আনহাতে, শুকুৰবাৰে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কামাখ্যা মন্দিৰ দৰ্শন কৰে। অধিনায়ক স্মৃতি মান্ধানা, মিথালী ৰাজে, দীপ্তি শৰ্মাকে আদি কৰি আটাইকেইজন খেলুৱৈয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰি অভিভূত হৈ পৰে।

Related News