• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

নিট বিতৰ্কক লৈ এফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত চলি ‎আছে পানী নোখোৱাকৈ আমৰণ অনশন, আনফালে ঠিক তাৰ কাষতে বহি আৰামত খোৱা হৈছে ব্ৰেড ‎পকোৰা আৰু নুডলছ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2026 8:26 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট বিতৰ্কক লৈ এফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত চলি ‎আছে পানী নোখোৱাকৈ আমৰণ অনশন, আনফালে ঠিক তাৰ কাষতে বহি আৰামত খোৱা হৈছে ব্ৰেড ‎পকোৰা আৰু নুডলছ! দিল্লীৰ তীব্ৰ গৰমত যেতিয়া পৰীক্ষা দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ হৈ উঠিছে, ‎ঠিক সেই সময়তে সমাজকৰ্মী সোনম ৱাংচুকৰ অনশন মঞ্চৰ এটি খোৱা-বোৱাৰ ভিডিঅ‘ই ইণ্টাৰনেটত ‎খলকনি তুলিছে। ইয়াৰ পিছতেই আৰম্ভ হৈছে তীব্ৰ সমালোচনা আৰু ট্ৰোলিং।

 পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত যন্তৰ মন্তৰত ‎আন্দোলন চলাই আছে ককৰোচ জনতা পাৰ্টিয়ে। যোৱা মে‘ মাহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ‎মন্তব্যক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই ব্যংগাত্মক অনলাইন আন্দোলনটো এতিয়া ৰাজপথলৈ আহিছে। ‎তেওঁলোকৰ এই আন্দোলনলৈ সমৰ্থন জনাই আমৰণ অনশনত বহিছে লাডাখৰ বিশিষ্ট পৰিৱেশবিদ তথা ‎শিক্ষাবিদ সোনম ৱাংচুক। বুধবাৰে তেওঁৰ এই কঠোৰ অনশন ১১ দিনত ভৰি দিছে। চিকিৎসকৰ ৰিপোৰ্ট ‎অনুসৰি, যোৱা ১১ দিনত ৱাংচুকৰ ৭ কেজিতকৈয়ো অধিক ওজন কমিছে আৰু বৰ্তমান তেওঁৰ ওজন ‎৫৯.৪০ কেজি হৈছেগৈ। ৰক্তচাপ আৰু চুগাৰ কমি গ‘লেও তেওঁ মানসিকভাৱে অতি দৃঢ় হৈ আছে।

Apply Now

 এই চৰম পৰিস্থিতিৰ মাজতেই বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহি পৰিছে ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক ‎অভিজিৎ দিপকে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা একাধিক ভিডিঅ‘ত দেখা গৈছে যে ৱাংচুকে যেতিয়া ‎অনশন কৰি আছে, তেতিয়া অভিজিতে তেওঁৰ কাষতে বহি ব্ৰেড পকোৰা, নুডলছ বা কচুৰি খাই আছে। ‎একাংশ নেটিজেনে কটাক্ষ কৰি প্ৰশ্ন তুলিছে যে ৱাংচুকে কষ্ট কৰি অনশন কৰাৰ সময়ত আন্দোলনৰ মূল ‎নেতাসকলে কিয় মঞ্চত বহি ভোজ খাই আছে?‎

বিতৰ্ক বৃদ্ধি পোৱাৰ লগে লগে মুখ খুলিছে অভিজিৎ দিপকেই। সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক ‎সাক্ষাৎকাৰত তেওঁ দাবী কৰে যে সমগ্ৰ বিষয়টো মূল ইছ্যুৰ পৰা দৃষ্টি আঁতৰোৱাৰ এক অযথা চেষ্টা মাত্ৰ। ‎তেওঁ জনায় যে ভাইৰেল হোৱা ভিডিঅ‘টো সোনম ৱাংচুকে অনশনত বহাৰ আগৰ। সেই সময়ত ৱাংচুক ‎এখন জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইউৰোপত আছিল, সেয়েহে সেই ভিডিঅ’টোৰ সৈতে বৰ্তমানৰ ‎অনশনৰ কোনো সম্পৰ্ক নাই।

 অভিজিৎ দিপকেৰ যুক্তি অনুসৰি, সোনম ৱাংচুকৰ নিজৰ পৰামৰ্শ মতেই দলৰ মূল কমিটিখন অনশনৰ পৰা ‎আঁতৰত আছে। কাৰণ সকলোৱে অনশন কৰিলে হাজাৰ হাজাৰ আন্দোলনকাৰীক চম্ভালিবলৈ বা আৰক্ষীৰ ‎সৈতে কথা পাতিবলৈ কোনো নাথাকিব। ইয়াৰ উপৰিও তেওঁ নিজৰ মাইগ্ৰেনৰ সমস্যাৰ কথাও উল্লেখ ‎কৰে। ৱাংচুকৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে চিন্তিত হৈ অভিজিতে তেওঁক অনশন ভংগ কৰিবলৈ ‎অনুৰোধ কৰিছিল যদিও ৱাংচুকে সেয়া নাকচ কৰে।

ইফালে আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহৰ লগতে সংযুক্ত কিষাণ মৰ্চায়ো এই ‎আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সমান্তৰালভাৱে বিতৰ্কিত নেচনেল টেষ্টিং ‎এজেন্সী (এন টি এ) বাতিলৰ দাবীও তীব্ৰতৰ হৈছে। ইমান বিতৰ্কৰ মাজতো আন্দোলনকাৰীসকলে ‎স্পষ্টভাৱে জনাই দিছে যে শিক্ষামন্ত্ৰীক অপসাৰণ নকৰা পৰ্যন্ত তেওঁলোকে যন্তৰ মন্তৰ এৰি নাযায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd