আই চি চি টী-২০ বিশ্বকাপ: প্ৰস্তুতি মেচত বাংলাদেশক অনায়াসে ৬০ ৰাণত হৰুৱালে ভাৰতে

ফটো সৌজন্যঃ বিচিচিআই।

অহা ৫ জুনত অনুষ্ঠিত হ’ব আই চি চি টী-২০ বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন খেল। ইয়াৰ পূৰ্বে একমাত্ৰ প্ৰস্তুতি মেচত বাংলাদেশক অনায়াসে পৰাস্ত কৰিলে ভাৰতে।  বেটিং আৰু বলিং উভয়তে শক্তি প্ৰদৰ্শন কৰি ৬০ ৰানত জয় আজুৰি আনে ৰোহিত-বাহিনীয়ে।

শনিবাৰৰ প্ৰস্তুতি মেচত বিৰাট কোহলীক জিৰণি দিয়া হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশৰ বিৰুদ্ধে প্ৰস্তুতি মেচত পৰিৱেশ আৰু পিটচ সম্পৰ্কে ধাৰণা লোৱাটোৱেই আছিল ভাৰতৰ প্ৰকৃত উদ্দেশ্য। যদিও দলটোৰ গুৰুত্বপূৰ্ণ বেটছমেনসকলে সেই মেচতো ৰান পায়। বিশেষকৈ ঋষভ পন্ত (৫৩), সূৰ্য কুমাৰ যাদৱ (৩১) আৰু হাৰ্দিক  পাণ্ডিয়াই (৪০) ভাল প্ৰদৰ্শন কৰে।

ফটো সৌজন্যঃ বিচিচিআই।

অৱশ্যে অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক আৰম্ভণি কৰিও শীঘ্ৰে উভতি যায় (২৩)। বাংলাদেশৰ হৈ মেহদি হাছান, শ্বৰীফুল ইছলাম, মহম্মদুল্লাই এটাকৈ উইকেট লাভ কৰিলেও ভাৰতীয় দলৰ বেটছমেনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

প্ৰত্যুত্তৰত বাংলাদেশৰ দলটোৱে বেটিং কৰিবলৈ নামি বিপদত পৰে। প্ৰথম অভাৰতে সৌম্য সৰকাৰ আউট হয়। ইয়াৰ পিছতে লিটন দাস আৰু নাজিমুল হাছান শান্তোৱে বাইশ গজত থিতাপি ল’ব নোৱাৰিলে। তাৰ মাজতে মহম্মদুল্লা (৪০) আৰু অভিজ্ঞ ছাকিব উল হাছানে (২৮) অলপ যুঁজ দিয়ে। শেষত ২০ অভাৰ বেটিং কৰি ১২২ ৰানহে কৰিবলৈ সক্ষম হয় বাংলাদেশে।

ফটো সৌজন্যঃ বিচিচিআই।

ভাৰতৰ হৈ পঞ্জাৱৰ বলাৰ অৰ্শদীপ সিঙে দুৰ্দান্ত বলিং কৰে। তেওঁ ৩ অভাৰ বলিং কৰি ১২ ৰানত ২ টা উইকেট দখল কৰে। শিৱম ডুবেই ৩ অভাৰত বলিং কৰি ১৩ ৰানত ২ টা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ (২-১২-১), মহম্মদ ছিৰাজ (৩-১৭-১), হাৰ্দিক (৩-৩০-১) আৰু অক্ষৰ পেটেলে (২-১০-১) অৰ্শদীপ আৰু ডুবেক যোগ্য সংগ দিয়ে। মুঠতে একমাত্ৰ প্ৰস্তুতি মেচখনত সহজ জয়ে ৰোহিত বাহিনীৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮২/৫ (পন্ত ৫৩, সূৰ্য্য ৩১, হাৰ্দিক ৪০)

বাংলাদেশঃ ১২২/৮ (মাহমুদুল্লাহ ৪০, ছাকিব ২৮)

ভাৰতে ৬০ ৰানত জয়লাভ কৰে।