NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে ভাৰতীয় সেনা বাহিনীৰ ‘সেনা দিৱস’ উদযাপন

January 15, 2021 1:58 pm · মানস প্রতীম গগৈ

ভাৰতীয় সেনা দিৱস উপলক্ষে আজি মাৰ্ঘেৰিটা সেনা ছাউনীৰ উদ্যোগত মাৰ্ঘেৰিটা ছেইণ্ট মেৰিজ স্কুল প্ৰাংগনত সেনা দিৱস উদযাপন কৰা হয়।

এই সেনা দিৱসৰ শুভ ক্ষণত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ লগতে সেনা বাহিনীয়ে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।

ছেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰী সকলে সেনা বাহিনীৰ দ্বাৰা আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰে।

ছেইণ্ট মেৰিজ স্কুলৰ অধ্যক্ষই সেনা দিৱস আয়োজন কৰা বাবে ভাৰতীয় সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ভাৰতীয় সেনা বাহিনীৰ বিষয়ে বহু নজনা কথা জানিবলৈ সক্ষম হ’ল বুলি কয়।

‘‘আমি সেনা বাহিনীৰ বিষয়ে যিবোৰ কথা নাযানো, তেওঁলোকে কেনেধৰণৰ জীৱন শৈলীত থাকে, কি অস্ত্ৰ ব্যাৱহাৰ কৰে….আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি জানিব পাৰিছো। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল অধিক উৎসুক হৈ পৰিছে, তেওঁলোকে ৰাতিপুৱা ৭ বজাৰ পৰাই বিদ্যালয়ত উপস্থিত হৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে,’’ বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এইদৰে লগতে কয়।

ইপিনে, ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰাও বিদ্যালয় কৰ্তৃপক্ষৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰি ভাৰতীয় সেনা বাহিনীৰ প্ৰতি দেখুওৱা মৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

Related News