উপত্যকাটোত যেন অশান্তি বন্ধ হ’বই নিবিচাৰে। মঙলবাৰে জম্মু-কাশ্মীৰৰ আখনুৰত তালাচী অভিযানৰ দ্বিতীয় দিনা আৰু এজন উগ্ৰপন্থী নিহত হয়। অৱশ্যে উগ্ৰপন্থী বিৰোধী অভিযানত গুলীত মৃত্যু হৈছে ভাৰতীয় সেনাৰ কুকুৰ ফেণ্টম। আখনুৰত অভিযান চলোৱা সেনাৰ দলটোৰ অংশ আছিল ফেণ্টম। তাক উগ্ৰপন্থী বিৰোধী অভিযানৰ বিশেষ প্ৰশিক্ষণ দিয়া হৈছিল।
সোমবাৰে পুৱা আখনুৰত সেনাৰ এম্বুলেন্সত আক্ৰমণ চলাইছিল উগ্ৰপন্থীয়ে। আক্ৰমণৰ পিছতে আৰম্ভ হয় উগ্ৰপন্থী বিৰোধী অভিযান। সোমবাৰে সন্ধিয়া বিশেষ সেনা বাহিনীৰ জোৱান আৰু এন এছ জিৰ কমাণ্ডোৰ যৌথ অভিযানত এজন উগ্ৰপন্থী নিহত হয়। মঙলবাৰে পুৱা আৰু দুজন উগ্ৰপন্থীৰ মৃত্যুৰ খবৰ পোৱা গৈছে। সেনাৰ তৰফৰ পৰা জনাইছে যে সেনাই লুকাই থকা ৩ জন উগ্ৰপন্থীৰ আটাইকেইজনে নিহত হৈছে।
লগতে পঢ়কঃ ‘সন্ত্ৰাসবাদ’ত দোষী সাব্যস্ত ইৰাণী-জাৰ্মান নাগৰিক জামছিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে
অভিযানৰ সময়তে নিৰাপত্তা বাহিনীয়ে আখনুৰৰ জোগায়ান গাঁৱত উগ্ৰপন্থীক আত্মগোপন কৰাৰ তথ্য লাভ কৰিছিল। গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ লগে লগে অঞ্চলটোত তালাচী অভিযান বৃদ্ধি কৰা হয়। ইফালে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ কৰি লুকাই থকা উগ্ৰপন্থীয়ে নিৰ্বিচাৰ গুলীচালনা আৰম্ভ কৰে আৰু নিৰাপত্তা বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে।
জানিব পৰা মতে, দীঘলীয়া ২৭ ঘণ্টাৰ অন্তত মঙলবাৰে পুৱা তালাচী অভিযানৰ অন্ত পৰে। সেনাৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা প্ৰায় ৭ বজাত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ ওপৰত আক্ৰমণ চলোৱা হয়। পুনৰ আৰম্ভ হয় সংঘৰ্ষ।
লগতে পঢ়কঃ গোটেই অক্টোবৰজুৰি দেশবাসীয়ে গুগলত কি আটাইতকৈ বেছি চাৰ্চ কৰিছে জানেনে? চাওক তথ্য
সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীৰ ওপৰত গুলীচালনা কৰাৰ সময়ত ফেণ্টমে অভিযানৰ একেবাৰে সন্মুখৰ লাইনত আছিল। হঠাৎ উগ্ৰপন্থীৰ গুলীয়ে ফেণ্টমৰ শৰীৰত আঘাত কৰে। গুলীবিদ্ধ হৈ মৃত্যু হয় চাৰি বছৰীয়া কুকুৰটোৰ। এই বেলজিয়াম মেলিনয় প্ৰজাতিৰ কুকুৰটো আছিল বহু সন্ত্ৰাসবাদ বিৰোধী অভিযানত সেনাৰ সংগী।