• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সন্ত্ৰাসবাদ’ত দোষী সাব্যস্ত ইৰাণী-জাৰ্মান নাগৰিক জামছিদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2024 12:50 pm
ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক জামছিদ শাৰমাহাদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে। ফটোঃ সংগ্ৰহীত।

ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক জামছিদ শাৰমাহাদৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে তেহৰাণে। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সন্ত্রাসবাদী আক্রমণ’ সংঘটিত কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পাছত ইৰাণে এগৰাকী ব্যক্তিৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিছে৷

এই ব্যক্তিজনৰ নাম জামছিদ শাৰমাহাদ। তেওঁ ইৰাণ আৰু জাৰ্মানীৰ দ্বৈত নাগৰিক। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে সোমবাৰে তেওঁক মৃত্যুদণ্ড দিয়াৰ কথা নিশ্চিত কৰে।

জামছিদৰ আমেৰিকাত থকাৰো অনুমতি আছে। ২০২৩ চনত ‘বিশ্বৰ দুৰ্নীতি’ৰ অভিযোগত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। ইৰাণৰ ইছলামিক আইনত এই অপৰাধৰ সৰ্বোচ্চ শাস্তি হ’ল মৃত্যুদণ্ড।

Apply Now

লগতে পঢ়কঃ গোটেই অক্টোবৰজুৰি দেশবাসীয়ে গুগলত কি আটাইতকৈ বেছি চাৰ্চ কৰিছে জানেনে? চাওক তথ্য

ইৰাণত ৰাজতন্ত্ৰবাদী সমৰ্থক এটা গোটৰ নেতৃত্ব দিয়া বুলি তেওঁক অভিযুক্ত কৰিছিল তেহৰানে। ২০০৮ চনত এই গোটটোৱে মাৰাত্মক বোমা বিস্ফোৰণৰ অভিযোগ উত্থাপন কৰিছে ইৰাণে। ইয়াৰ উপৰিও দেশৰ অন্য ঠাইত আক্ৰমণৰ পৰিকল্পনা কৰাৰো অভিযোগ উত্থাপন হৈছিল।

সোমবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলট্জে এক্স (পূৰ্বৰ টুইটাৰ)ত দিয়া এটা পোষ্টত এই মৃত্যুদণ্ডক এক কলংকিত ঘটনা বুলি অভিহিত কৰে। শ্বলট্জে কয় যে জামছিদক বিচাৰত আত্মপক্ষ সমৰ্থনৰ সুযোগো দিয়া হোৱা নাছিল।

জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী এনালেনা বিয়াৰবকেও এই মৃত্যুদণ্ডক গৰিহণা দিয়ে। তেওঁ ইৰাণৰ ‘অমানৱীয় শাসন ব্যৱস্থা’ক তীব্ৰ সমালোচনা কৰে। এনালেনাই এক বিবৃতিত কয় যে তেওঁলোকে তেহৰাণক বাৰে বাৰে স্পষ্ট কৰি দিছে যে জাৰ্মান নাগৰিকক মৃত্যুদণ্ড দিয়াৰ পৰিণতি ভয়াৱহ হ’ব।

লগতে পঢ়কঃ জিন বিকাশৰ অধ্যয়নত নতুন পোহৰৰ সন্ধান; গৱেষকসকলে দিছে গুৰুত্বপূৰ্ণ তথ্য

২০২০ চনত ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ৰ এক বিবৃতিত জামছিদক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰা হৈছিল। বিবৃতিটোত জামছিদক ‘সন্ত্রাসবাদী’ গোটৰ মুৰব্বী বুলি অভিহিত কৰা হৈছিল৷ কোৱা হৈছিল যে তেওঁ আমেৰিকাত বহি ইৰাণত সশস্ত্ৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিচালনা কৰিছিল।

আমেৰিকাৰ লছ এঞ্জেলছত ভিত্তিক ‘কিংডম এছেম্বলী অৱ ইৰাণ’ নামৰ এই গোটটো বৰ বেছি পৰিচিত নহয়। এই গোটটোৱে ইৰাণত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে।

উল্লেখ্য যে ১৯৭৯ চনত ইৰাণত সংঘটিত হয় ইছলামিক বিপ্লৱ। এই বিপ্লৱৰ জৰিয়তে ইৰাণত ৰাজতন্ত্ৰ উফৰাই পেলোৱা হয়।

এই গোটটোৱে বিদেশত ৰেডিঅ’ আৰু টেলিভিছন ষ্টেচন পৰিচালনা কৰে। ইৰাণৰ বিৰোধীৰ কণ্ঠস্বৰ হিচাপে কাম কৰে।

লগতে পঢ়কঃ শিল্পা শ্বেট্টীৰ ৰেষ্টুৰেণ্ট বাষ্টিয়ানত চুৰি, খাবলৈ আহি অতিথিয়ে হেৰুৱালে ৮০ লাখ টকীয়া গাড়ী

জাৰ্মানীৰ বিৰোধী দল খ্ৰীষ্টিয়ান ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা ফ্ৰেড্ৰিখ মাৰ্টজে কয় যে জামছিদ তেওঁলোকৰ দেশৰ নাগৰিক। তেওঁৰ মৃত্যুদণ্ড এক জঘন্য অপৰাধ। এই ঘটনাত তেওঁ জাৰ্মান চৰকাৰক স্পষ্ট স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd