বান বিধ্বস্ত ছিকিমত সন্ধানহীন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰো এক জোৱান

ছিকিমৰ চিংটামৰ ওচৰৰ বুৰ্ডাঙত পানীৰ তলত ডুব যোৱা সেনাবাহিনীৰ বাহন বোকা খান্দি উলিওৱা হৈছে

হঠাতে হোৱা আৱতৰীয়া বিধ্বংসী বানত বিপৰ্যস্ত ৰাজ্য ছিকিমত সন্ধানহীন হৈ পৰা ২২ জন ভাৰতীয় সেনা জোৱানৰ ভিতৰত আছে অসমৰ এগৰাকী জোৱান।

অসমৰ সন্ধানহীন ভাৰতীয় সেনাৰ জোৱানজন ৬২০ ইএমই বেটেলিয়নৰ চিপাহী মিতুল কলিতা বুলি চিনাক্ত কৰা হৈছে।

ভাৰতীয় সেনাই জনোৱা মতে, ৪ অক্টোবৰৰ পুৱা ৰাজ্যখন প্ৰলয়ংকাৰী বানৰ কবলত পৰাৰ সময়ত কলিতা উত্তৰ ছিকিমত আছিল।

বাতৰি অনুসৰি, মিতুল কলিতাৰ ঘৰ অসমৰ বাক্সা জিলাত।

লগতে পঢ়কঃ ছিকিমৰ বানত মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ১০০ৰো অধিক; অব্যাহত উদ্ধাৰ অভিযান

ভাৰতীয় সেনাই জনাইছে যে তেওঁলোকে বাকী ২২ জন সন্ধানহীন জোৱানৰ সন্ধান উলিয়াবলৈ ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই আছে।

ছিকিমৰ তীস্তা নদীৰ তলৰ অঞ্চলসমূহত এতিয়া সন্ধানহীন হোৱা জোৱানসকলৰ সন্ধানত অভিযান অব্যাহত ৰখা হৈছে।

বুধবাৰে সন্ধিয়া সেনাবাহিনীৰ এজন জোৱানক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

ভাৰতীয় সেনাই সন্ধানহীন হৈ থকা জোৱানসকলৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি বৰ্তমান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।

আনহাতে, ভাৰতীয় সেনাই নিজৰ জোৱানকে ধৰি ছিকিমত নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে তিনিটা হেল্পলাইন নম্বৰ মুকলি কৰিছে।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

সন্ধাহীন লোকসকলৰ পৰিয়ালৰ বাবে মুকলি কৰা তিনিটা সেনাৰ হেল্পলাইন নম্বৰ হ’ল-

উত্তৰ ছিকিমৰ বাবে সেনা হেল্পলাইন নং – ৮৭৫০৮৮৭৭৪১

পূব ছিকিমৰ বাবে সেনা হেল্পলাইন – ৮৭৫৬৯৯১৮৯৫

সন্ধানহীন সৈনিকৰ বাবে সেনা হেল্পলাইন – ৭৫৮৮৩০২০১১

ছিকিমত হ্ৰদ বিস্ফোৰণৰ ফলত হোৱা আৱতৰীয়া প্ৰ লয়ংকাৰী বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পাইছে। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এই কথা অৱগত কৰিছে।

লগতে পঢ়কঃ জৰুৰী কামৰ অজুহাতত দিনৰ পিছত দিন শিক্ষয়িত্ৰীক ধৰ্ষণ; অভিযোগ বিদ্যালয়ৰ মালিকৰ বিৰুদ্ধে

তদুপৰি, এতিয়াও ১০৩জন লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। সন্ধানহীন ১০৩ জন লোকৰ ভিতৰত আছে ২২ জন ভাৰতীয় সেনাৰ জোৱান।