• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জৰুৰী কামৰ অজুহাতত দিনৰ পিছত দিন শিক্ষয়িত্ৰীক ধৰ্ষণ; অভিযোগ বিদ্যালয়ৰ মালিকৰ বিৰুদ্ধে

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 5, 2023 3:16 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

5.2k
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয়ৰ ভিতৰতে শিক্ষয়িত্ৰীক ধৰ্ষণৰ অভিযোগ উঠিছে। ব্যক্তিগত বিদ্যালয় এখনৰ মালিকে এগৰাকী  ৩২ বছৰীয়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ এই কাণ্ড সংঘটিত হৈছে গ্ৰেটাৰ নয়ডাত।

বুধবাৰে আৰক্ষীয়ে এই ঘটনাৰ কথা সদৰী কৰে। অভিযুক্ত বিদ্যালয়ৰ মালিকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে। আদালতত হাজিৰ কৰোৱাৰ পিছত অভিযুক্তক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ন্যায়াধীশে।

যৌন নিৰ্যাতনৰ বলি হোৱা শিক্ষয়িত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিদ্যালয়ৰ মালিকে প্ৰথমবাৰৰ বাবে তেওঁক ধৰ্ষণ কৰিছিল। অভিযুক্তই সেই ঘটনাৰ ভিডিঅ’ও বনাইছিল।

লগতে পঢ়কঃ অৱশেষত পত্নীৰ নিৰ্যাতনৰ পৰা মুক্ত ‘গব্বৰ’! শিখৰ ধাৱনৰ বিবাহ বিচ্ছেদত আদালতৰ ছীল মোহৰ

অভিযোগ অনুসৰি, ভিডিঅ’টো দেখুৱাই প্ৰায়ে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰিছিল। এইদৰেই যোৱা কেইমাহমানৰ ভিতৰত শিক্ষয়িত্ৰীগৰাকীক কেইবাবাৰো নিৰ্যাতন কৰা হৈছিল।

এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, “শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত থকাৰ সময়ত অভিযুক্তই তেওঁক জৰুৰীকালীন কামৰ বাবে নিজৰ কেবিনলৈ মাতিছিল। আৰু তেওঁক যৌন নিৰ্যাতন চলাইছিল।”

বাৰে বাৰে নিৰ্যাতনৰ বলি হোৱাৰ ফলত হতাশাত ভুগিছিল শিক্ষয়িত্ৰীগৰাকী। শেহতীয়াকৈ তেওঁ স্বামীক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰিছিল। যোৱা সপ্তাহত শিক্ষয়িত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে বিদ্যালয়ৰ মালিকৰ বিৰুদ্ধে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

লগতে পঢ়কঃ বৰপেটাৰোডত ভয়াবহ পথ দুৰ্ঘটনাত নিহত ২ জন যুৱক; গুৰুতৰভাৱে আহত ৩জন

উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৫০৭ ধাৰাত গোচৰ ৰুজু কৰি অভিযুক্তক সন্ধান আৰম্ভ কৰে। মঙলবাৰে চুহাৰপুৰ আণ্ডাৰপাছৰ সমীপত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd