• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

চীনৰ পৰাই সম্পন্ন কৰিলে হায়দৰাবাদত থকা ৰোগীৰ অস্ত্ৰোপচাৰ : প্ৰযুক্তিৰ দ্বাৰা ইতিহাস ৰচনা কৰিলে ভাৰতীয় চিকিৎসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 3:15 pm
306
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি তুলিলে এগৰাকী ভাৰতীয় মূত্ৰৰোগ বিশেষজ্ঞই। প্ৰায় তিনি হাজাৰ কিলোমিটাৰ দূৰত বহিয়েই তেওঁ সফলতাৰে এক অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে। অত্যাধুনিক ৰোবোটিক প্ৰযুক্তি আৰু দ্ৰুতবেগী ফাইভ জি ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি চিকিৎসকগৰাকীয়ে এই অসাধ্য সাধন কৰে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, হায়দৰাবাদৰ এগৰাকী ৰোগীৰ ব্লাডাৰ ৰিকানেকচন বা মূত্ৰথলী পুনৰ সংযোগ কৰা অস্ত্ৰোপচাৰ কৰা হৈছে। এই অস্ত্ৰোপচাৰতেই এক আচৰিত ঘটনা সংঘটিত হয়। চিকিৎসক ডাঃ চৈয়দ মহম্মদ ঘাউছ সেই সময়ত চীনৰ ৱুহানত থকা টংজি হাস্পতালত উপস্থিত আছিল। তাৰ পৰাই ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে তেওঁ হায়দৰাবাদৰ ৰোগীগৰাকীক সুস্থ কৰি তোলে। চীনৰ সংবাদ মাধ্যম চাইনা ডেইলীৰ প্ৰতিবেদন অনুসৰি, সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ মাত্ৰ নব্বৈ মিনিট সময় লাগিছিল।

Apply Now

এই অভাৱনীয় সফলতাৰ কথা ভাৰতত থকা চীনা দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। চিকিৎসকসকলক অভিনন্দন জনাই তেওঁ লিখিছে যে চীনত নিৰ্মিত ৰোবোটিক্স আৰু ফাইভ জি প্ৰযুক্তিৰ সহায়ত ৱুহানত থকা ভাৰতীয় ইউৰোলজিস্ট ডাঃ চৈয়দ মহম্মদ ঘাউছে মাত্ৰ নব্বৈ মিনিটত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। তিনি হাজাৰ কিলোমিটাৰ দূৰৰ পৰাই ৰোবটৰ সহায়ত তেওঁ হায়দৰাবাদৰ ৰোগীগৰাকীৰ দেহত অস্ত্ৰোপচাৰ কৰি সফলতা লাভ কৰিছে।

জানিব পৰা মতে, এই অস্ত্ৰোপচাৰৰ আঁৰত এক নিখুঁত পৰিকল্পনা আছিল। অস্ত্ৰোপচাৰৰ পূৰ্বে ৱুহান আৰু হায়দৰাবাদৰ চিকিৎসকসকলে অনলাই যোগে ৰোগীৰ সকলো মেডিকেল ৰিপোৰ্ট পৰীক্ষা কৰিছিল। ৰোবটৰ হাতৰ লৰচৰ কেনে হ’ব, তাৰ আগতীয়া পৰিকল্পনাও কৰা হৈছিল। তাৰ পাছত হায়দৰাবাদৰ স্থানীয় চিকিৎসকসকলে ৰোগীগৰাকীক এনাছথেচিয়া দিয়ে আৰু ৰোবোটিক যন্ত্ৰপাতিসমূহ সজাই তোলে। ইয়াৰ ভিতৰত আছিল অত্যাধুনিক চাৰ্জিকেল সঁজুলি আৰু হাই ডেফিনিচন থ্ৰি ডি কেমেৰা। ইয়াৰ পাছত ডাঃ ঘাউছে ৱুহানৰ হাস্পতালৰ এটা কন্সোল বক্সত বহে আৰু লাইভ থ্ৰি ডি ছবিৰ জৰিয়তে হায়দৰাবাদৰ অপাৰেচন থিয়েটাৰখন প্ৰত্যক্ষ কৰে। নিজৰ হাতৰ সংকেতৰে তেওঁ ৰোবটৰ হাতবোৰ নিয়ন্ত্ৰণ কৰিছিল। ফাইভ জি প্ৰযুক্তিৰ বাবে মাত্ৰ দুইশ মিলিছেকেণ্ডৰ ভিতৰত চীনৰ পৰা সকলো নিৰ্দেশ ভাৰত পাইছিলহি। যিকোনো জৰুৰী পৰিস্থিতি চম্ভালিবলৈ হায়দৰাবাদৰ হাস্পতালখনতো বিশেষজ্ঞৰ এটা দল উপস্থিত আছিল।

চাইনা ডেইলিয়ে প্ৰকাশ কৰা অনুসৰি, ইণ্টাৰনেচনেল হেপাটো পেনক্ৰিয়াটো বিলিয়াৰী এছোচিয়েচনৰ দশম কংগ্ৰেছৰ সময়ত প্ৰদৰ্শন কৰা ছাব্বিশটা অস্ত্ৰোপচাৰৰ ভিতৰত এইটোও এটা আছিল। ইয়াৰে পাঁচটা অস্ত্ৰোপচাৰ আন্তঃৰাষ্ট্ৰীয় লাইভ ৰিম’ট কানেকচনৰ জৰিয়তে কৰা হৈছিল। ভাৰতৰ উপৰিও ব্ৰাজিল, জৰ্জিয়া, গ্ৰীচ আৰু উজবেকিস্তানৰ বিশেষজ্ঞসকলে এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd