বিস্ময়! ৰোগীৰ দেহৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়ালে ৭.৪ কেজি ওজনৰ কিডনি

kidney_1574749247

ফটো: ইন্টাৰনেটৰ সৌজন্যত

ভাৰতীয় চিকিৎসকে এজন ৰোগীৰ দেহৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে ৭.৪ কেজি ওজনৰ এটা কিডনি অপসাৰণ কৰে।

মানুহৰ দেহত থকা এটা কিডনিৰ ওজন সাধাৰণতে ১২০ৰ পৰা ১৫০ গ্ৰাম হয়। ভাৰতত এতিয়ালৈকে পোহৰলৈ অহা এইটোৱে আটাইতকৈ সৰ্বাধিক ওজনৰ কিডনি।

বাতৰি অনুসৰি ৰোগীজনে কিডনিৰ এক ধৰণৰ ৰোগত ভূগিছিল যাৰ ফলত গোটেই কিডনিটোতে ছিষ্ট তৈয়াৰ হৈছিল।

অস্ত্ৰোপচাৰৰ সৈতে জড়িত এগৰাকী শৈল চিকিৎসকে জানিবলৈ দিয়া মতে এনেধৰণৰ ৰোগত আক্ৰান্তসকলৰ কিডনিৰ আকৃতি ডাঙৰ হয়।

দিল্লীৰ গংগাৰাম হাস্পাতলৰ য়ুৰ’লজি বিভাগৰ চিকিৎসকৰ এটা দলে দুঘন্টা ধৰি অস্ত্ৰোপচাৰ কৰি ৫৬ বছৰীয়া ৰোগীজনৰ দেহৰ পৰা কিডনিটো উলিয়াই আনে।

অস্ত্ৰোপচাৰ কৰা দলটোত আছিল ডাঃ অজয় শৰ্মা, শচীন কথুৰিয়া আৰু জুহিল নানাবতী।

ডাঃ শচীন কথুৰিয়াই জানিবলৈ দিয়ে যে ৰোগীজনৰ কিডনিত সংক্ৰমণ আৰু আভ্যন্তৰীণ ৰক্তপাত হৈছিল। সেয়েহে কিডনিটো অপসাৰণ কৰা হয়।

‘’ৰোগীজনৰ বেয়াকৈ সংক্ৰমণ হৈছিল যিটোত এন্টিবায়’টিকে কাম কৰা নাছিল। তদুপৰি, কিডনিটোৰ আকৃতি অত্যন্ত ডাঙৰ হোৱাত তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পাইছিল। গতিকেই এইটো অপসাৰণ কৰাৰ বাহিৰে আমাৰ উপায় নাছিল,’’-ডাঃ কথুৰিয়াই কয়।

ডাঃ কথুৰিয়াই জানিবলৈ দিয়ে যে ৫৬ বছৰীয়া ৰোগীজন দিল্লীতে বাস কৰে। তেওঁ অটোছ’মল ডোমিনেন্ট পলিছিষ্টিক কিডনী ডিজিজ নামৰ জেনেটিক ডিছঅৰ্ডাৰত ভূগিছিল। পলিছিষ্টিক কিডনী ৰোগত দুয়োটা কিডনিত ছিষ্ট বিকশিত হয়।

ৰোগীজনে ২০০৬ চনৰ পৰা ১৩ বছৰ ধৰি চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা চলাই আছিল।

চিকিৎসকে জানিবলৈ দিয়া মতে, বৰ্তমানলৈকে বিশ্বত এনেকুৱা বিৰল অস্ত্ৰোপচাৰ ইয়াৰ পূৰ্বে মাত্ৰ দুবাৰহে হৈছে। প্ৰথম আমেৰিকাত ৯ কেজি ওজনৰ আৰু দ্বিতীয়টো নেডাৰলেণ্ডত ৮.৭ কেজি ওজনৰ কিডনিৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।