ভূমিকম্প আৰু ছুনামীৰ প্ৰকোপত বিপৰ্যস্ত হৈ পৰা জাপানত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে ভাৰতীয় দূতাবাসে স্থাপন কৰিছে জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ ।
এক প্ৰেছ বিবৃতি যোগে দূতাবাসে প্ৰবাসী ভাৰতীয়সকলে সহায়ৰ বাবে যোগাযোগ কৰিব পৰাকৈ জৰুৰীকালীন নম্বৰ আৰু ইমেইল আইডি প্ৰকাশ কৰে।
জৰুৰীকালীন যোগাযোগৰ নম্বৰ আৰু ইমেইল আইডিঃ
+৮১-৮০-৩৯৩০-১৭১৫ (য়াকুব তপ্ন)
+৮১-৭০-১৪৯২-০০৪৯ (অজয় ছেঠি)
+৮১-৮০-৩২১৪-৪৭৩৪ (ডি এন বাৰ্নৱাল)
+৮১-৮০-৬২২৯-৫৩৮২ (এছ ভট্টাচাৰ্য)
+৮১-৮০-৩২১৪-৪৭২২ (বিবেক ৰাথী)
[email protected]
[email protected]
উল্লেখ্য যে আজি দেশখনত মাত্ৰ ৯০ মিনিটতৰ ভিতৰতে অহা ২১টাকৈ ধাৰাবাহিক ভূমিকম্পই সংহাৰী ৰূপ ধাৰণ কৰিছে।
মধ্য জাপান আৰু ইয়াৰ পশ্চিম উপকূলত ৭.৬ প্ৰাবল্যৰ এক প্ৰবল ভূমিকম্পৰ পিছতে জাপান সাগৰৰ উপকূলৰ কিছু অংশত ছুনামীৰ সৃষ্টি হয় আৰু সমগ্ৰ প্ৰদেশখনতে আতংকৰ সৃষ্টি কৰে
জাপানৰ উপকূলীয় প্ৰিফেকচাৰ ইছিকাৱা, নিইগাটা আৰু ট’য়ামাৰ লগতে ৰাছিয়াৰ সুদূৰ পূবৰ ভ্লাডিভষ্টক আৰু নাখোডকা চহৰৰ বাবেও চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
এনে দুৰ্যোগৰ পিছতে প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডাই স্থানীয় বাসিন্দাসকলক সম্ভাৱ্য অধিক ভূমিকম্পৰ বাবে সজাগ হৈ থাকিবলৈ আৰু ছুনামীপ্ৰৱণ অঞ্চলত থাকিলে তৎকালীনভাৱে ঘৰ এৰি যাবলৈ আহ্বান জনায়।
ভূমিকম্পই অধিক প্ৰভাৱ পেলোৱা ইছিকাৱা আৰু টয়মা প্ৰিফেকচাৰৰ ৩৬ হাজাৰৰো অধিক পৰিয়ালৰ বিদ্যুৎ বন্ধ হৈ পৰে। টোহোকু, জোয়েটছু, আৰু হোকুৰিকু লাইনত বুলেট ৰেল সেৱা বন্ধ কৰি দিয়া হয়।
টেলিকম অপাৰেটৰ চফ্টবেংক আৰু কেডিডিআইয়ে ইছিকাৱা আৰু নিইগাটাত ফোন আৰু ইণ্টাৰনেট সেৱাত ব্যাঘাত জন্মা বুলি সদৰী কৰিছে।






