• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 12:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়াৰলেণ্ডত ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰমণৰ ক্ৰমবৰ্ধমান ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় দূতাবাসে এক গুৰুত্বপূৰ্ণ নিৰাপত্তা পৰামৰ্শ জাৰি কৰিছে। দূতাবাসে ভাৰতীয় নাগৰিকসকলক নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে ‘যুক্তিসংগত সাৱধানতা’ অৱলম্বন কৰিবলৈ আৰু বিশেষকৈ অসময়ত নিৰ্জন অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে।

ডাবলিনত ভাৰতীয় সম্প্ৰদায়ৰ ওপৰত কেইবাটাও হিংসাত্মক আক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ সময়তে দেশখনত বসবাস কৰা এক লাখ ভাৰতীয় বসবাসকাৰী সম্প্ৰদায়ৰ মাজত উদ্বেগ আৰু আশংকাৰ সৃষ্টি হোৱাৰ সময়তে এই পৰামৰ্শ আগবঢ়োৱা হৈছে। দূতাবাসে জৰুৰীকালীন যোগাযোগৰ বাবে হেল্পলাইন নম্বৰ (০৮৯৯৪২৩৭৩৪) আৰু ইমেইল ঠিকনা ([email protected])ও প্ৰকাশ কৰিছে।

Apply Now

১৯ জুলাইত ডাবলিনৰ টালাগটৰ পাৰ্কহিল ৰোডত ৪০ বছৰীয়া এজন ভাৰতীয় লোকৰ ওপৰত সংঘটিত নৃশংস আক্ৰমণ এই পৰামৰ্শৰ আঁৰৰ অন্যতম মূল কাৰণ। এই আক্ৰমণক স্থানীয় লোকে ‘অৰ্থহীন বৰ্ণবাদী হিংসা’ বুলি অভিহিত কৰে। তিনি সপ্তাহ পূৰ্বে আমাজনত টেক পদত কাম কৰিবলৈ আয়াৰলেণ্ডত উপস্থিত হোৱা লোকজনক এদল যুৱকে প্ৰহাৰ কৰি মুখত ছুৰীৰে আঘাত কৰে আৰু আংশিকভাৱে উলংগ কৰি পেলায়।

ৰাজপথত ৰক্তাক্ত অৱস্থাত তেওঁক পেলাই ৰখা হৈছিল। এঘণ্টাৰো অধিক সময়ৰ পিছত জৰুৰীকালীন সেৱাই তেওঁক উদ্ধাৰ কৰে। ভুক্তভোগীক সহায় কৰা আইৰিছ মহিলা জেনিফাৰ মাৰে কয় যে বিগত চাৰিদিনত টালাগত কমেও চাৰিজন ভাৰতীয় পুৰুষ আৰু আন এজন ব্যক্তি এনে আক্ৰমণৰ বলি হৈছে। “এই কিশোৰৰ দলটোৱে ভাৰতীয়ৰ মুখত ছুৰীৰে আঘাত কৰিছে। এইবোৰ ঘটনাৰ বিষয়ে কিমানজনে জানে বা বাতৰিত দেখিছে?”

৩১ জুলাইৰ আন এক আক্ৰমণত ডাবলিনৰ ক্লণ্ডালকিন ৰে’ল ষ্টেচনৰ সমীপত ভাৰতীয় মূলৰ উদ্যোগী তথা এআই বিশেষজ্ঞ ৩২ বছৰীয়া ড০ সন্তোষ যাদৱক ছয়জন যুৱকে আক্ৰমণ কৰে। তেওঁ লিংকডইনত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি কয় যে, ‘মই ৰাতিৰ আহাৰ খোৱাৰ পিছত মোৰ এপাৰ্টমেণ্টৰ ওচৰত খোজ কাঢ়ি গৈ থাকোঁতে পিছফালৰ পৰা ছয়জন যুৱকে মোক আক্ৰমণ কৰে। মোৰ চশমাযোৰ লৈ ভাঙি পেলায় আৰু মোৰ মূৰ, মুখ, ডিঙি, বুকু, হাত আৰু ভৰিত নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। ৰাস্তাত ৰক্তাক্ত হৈ পৰি আছিলোঁ।”

তেওঁ কয় যে তেওঁৰ গালৰ হাড় ভাঙি গৈছে আৰু তেওঁ বিশেষজ্ঞ চিকিৎসাৰ বাবে ছেইণ্ট জেমছ হাস্পতালত আছে। সন্তোষে লগতে কয়, “এয়া কোনো বিচ্ছিন্ন কাণ্ড নহয়।”

ডাবলিনত বাছ, আৱাসিক অঞ্চল আৰু ৰাজহুৱা পথত ভাৰতীয় পুৰুষ আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত বৰ্ণবাদী আক্ৰমণ বৃদ্ধি পাইছে । তেওঁ আইৰিছ আৰক্ষীৰ নিষ্ক্ৰিয়তাক সমালোচনা কৰি কয় যে আক্ৰমণকাৰীয়ে মুক্তভাৱে ঘূৰি ফুৰিছে আৰু অধিক আক্ৰমণ চলাবলৈ উৎসাহিত কৰা হৈছে।

আয়াৰলেণ্ডৰ ভাৰতীয়সকল হৈছে দেশখনৰ সৰ্ববৃহৎ অ-ইউৰোপীয় ইউনিয়নৰ অনুপ্ৰৱেশকাৰী সম্প্ৰদায়, যাৰ সংখ্যা প্ৰায় এক লাখ। তথ্য-প্ৰযুক্তি, স্বাস্থ্যসেৱা আৰু অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডত তেওঁলোকে উল্লেখযোগ্য ভূমিকা পালন কৰে। কিন্তু শেহতীয়াকৈ বৰ্ণবাদী আক্ৰমণৰ ঘটনাই এই সম্প্ৰদায়ৰ মাজত শংকা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

আয়াৰলেণ্ডৰ ইমিগ্ৰেণ্ট কাউন্সিলৰ চিইঅ’ টেৰেছা বুচকোভস্কাই কয় যে এই মুহূৰ্তত ভাৰতীয় সম্প্ৰদায়ক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে যদিও এই আক্ৰমণ কেৱল তেওঁলোকৰ মাজতে সীমাবদ্ধ নহয়। “আৰক্ষীৰ প্ৰশিক্ষণ আৰু পুৰণি পদ্ধতিৰ অভাৱৰ বাবে ঘৃণাজনিত অপৰাধৰ ৰিপৰ্ট দিয়াটো কঠিন হৈ পৰিছে।”

এই ঘটনাৰ ফলত ডাবলিনত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। ২৫ জুলাইত টালাগটত ‘ইউনাইটেড এগেইনষ্ট ৰেচিজম’ আৰু ‘ডাবলিন চাউথ ৱেষ্ট টুগেদাৰ’ৰ উদ্যোগত এক বিক্ষোভ অনুষ্ঠিত হয়।

শুকুৰবাৰ আৰু শনিবাৰে প্ৰায় ৮০০ ভাৰতীয়, পাকিস্তানী, বাংলাদেশী আৰু আইৰিছ নাগৰিকে ডাবলিন চিটি হলৰ পৰা ‘বৰ্ণবাদ মুৰ্দাবাদ’ আৰু ‘আয়াৰলেণ্ডেই ঘৰ’ বুলি লিখা প্লেকাৰ্ড লৈনেশ্যনেল গেলেৰীলৈ যাত্ৰা কৰে। সংখ্যালঘুসকলৰ সুৰক্ষা আৰু ন্যায়ৰ দাবীত এখন অনলাইন আবেদনত ১৫ হাজাৰৰো অধিক স্বাক্ষৰ সংগ্ৰহ কৰা হৈছে।

আয়াৰলেণ্ডৰ আৰক্ষী বাহিনী এন গাৰ্ডা ছিওচানাই টালাগট আক্ৰমণক বৰ্ণবাদী বুলি শ্ৰেণীভুক্ত কৰি তদন্ত আৰম্ভ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰদূত অখিলেশ মিশ্ৰই এই কাণ্ডক তীব্ৰ গৰিহণা দি কয় যে, এই আক্ৰমণ আয়াৰলেণ্ডৰ সহনশীলতা আৰু ন্যায়ৰ পৰম্পৰাৰ বিৰুদ্ধে। তেওঁ দূতাবাসৰ ফালৰ পৰা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ আৰু সমৰ্থনৰ আশ্বাস দিয়ে।

এই ঘটনাই আয়াৰলেণ্ডৰ বৰ্ণবাদ বিৰোধী আন্দোলনক আৰু অধিক শক্তিশালী কৰি তুলিছে। স্থানীয় কাউন্সিলাৰ বেবী পেৰেপাডানে কয় যে, “ভাৰতীয়সকলে আয়াৰলেণ্ডলৈ গুৰুত্বপূৰ্ণ দক্ষতা আনিছে। এনে আক্ৰমণে তেওঁলোকৰ অৱদানক অসন্মান কৰে।” ভাৰতীয় সমাজে এতিয়া নিৰাপত্তা আৰু ন্যায়ৰ বাবে তীব্ৰ দাবী উত্থাপন কৰিছে আৰু এই ঘটনাই ভাৰত আৰু আয়াৰলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd