• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত ৰুষ্ট চৰকাৰ, বিদেশত সন্মান: শান্তিৰ নোবেলৰ বাবে মনোনীত অল্ট নিউজৰ প্ৰতিষ্ঠাপকদ্বয় মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2022 3:12 pm
Mohammed Zubair
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংবাদ জগতৰ বাবে এক সুখবৰ। দেশৰ সংবাদ মহলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ প্ৰকৃত চৰিত্ৰ হেৰুৱাই পেলোৱা বুলি বিগত সময়চোৱাৰ পৰা যি চৰ্চা আৰম্ভ হৈছে, তেনে সময়তে সংবাদ মাধ্যমৰ নিৰ্ভীক আৰু সত্যতাৰ ওপৰত আধাৰিত প্ৰকৃত চৰিত্ৰ অক্ষুণ্ণ ৰাখি দেশৰ জনসাধাৰণৰ মাজত সত্য উপস্থাপন কৰি অহা জনপ্ৰিয় ৱেবচাইট অল্ট নিউজৰ প্ৰতিষ্ঠাপকদ্বয় মহম্মদ জুবেইৰ আৰু প্ৰতীক সিনহা ২০২২ বৰ্ষৰ শান্তিৰ নবেল বঁটাৰ বাবে মনোনীত আছে।

আমেৰিকাৰ প্ৰখ্যাত আলোচনী ‘টাইম’ত প্ৰকাশিত প্ৰতিবেদন মতে, বৰ্ষৰ শান্তিৰ নোবেল পুৰস্কাৰৰ বাবে মনোনীত দাবীদাৰসকলৰ ভিতৰত ফেক্ট চেক্ ছাইট অল্টনিউজৰ প্ৰতিষ্ঠাপকদ্বয় জুবেইৰ আৰু প্ৰতীক সিনহা অন্যতম।

Apply Now

সম্ভাৱ্য নোবেল বিজয়ীসকলৰ তালিকাত জুবেইৰৰ অন্তৰ্ভুক্তি বিশেষভাৱে চৰ্চিত হৈ পৰিছে। ফেক্ট চেকৰ জৰিয়তে দেশৰ শাসকপক্ষৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া জুবেইৰ শেহতীয়াকৈ ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁ কেইবাদিন ধৰি কাৰাগাৰত আৱদ্ধ থাকিবলগীয়া হৈছিল।

জুবেইৰক ২০১৮ চনৰ জুন মাহতে কৰা এটা টুইটৰ বাবে ধৰ্মীয় অনুভূতিত আঘাত সনা আৰু ঘৃণাৰ সৃষ্টিত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতো কেইবাটাও ন-পুৰণি গোচৰত জুবেইৰক অভিযুক্ত কৰা হৈছিল।

জুবেইৰৰ গ্ৰেপ্তাৰে বিশ্বজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। আমেৰিকান সংস্থা সাংবাদিক সুৰক্ষা সমিতিয়ে এক বিবৃতি জাৰি কৰি জুবেইৰৰ গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধ কৰিছিল।

বিবৃতিটোত সংস্থাটোৱে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি চৰকাৰে সাম্প্ৰদায়িক বিষয়ত সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে এক প্ৰতিকূল আৰু অসুৰক্ষিত পৰিৱেশ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছিল।

তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা চৰকাৰৰ অনুগত হিন্দুত্ববাদৰ ধ্বজা বহনকাৰী সংগঠন আৰু ব্যক্তিয়ে কৰা বহু ভুৱা প্ৰচাৰৰ আঁৰৰ সত্য ফাদিল কৰাৰ বাবেই জুবেইৰক চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। উল্লেখ্য নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে সাংবাদিক জুবেইৰেই ফেক্ট চেকিঙৰ জৰিয়তে ৰাজহুৱা কৰিছিল।

অৱশেষত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জামিন মঞ্জুৰ হোৱাৰ পিছত কাৰাগাৰৰ পৰা মুক্ত হৈছিল জুবেইৰ। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে জুবেইৰে ন উদ্যমেৰে পুনৰ তথ্য পৰীক্ষণৰ জগতখনত জড়িত হৈ পৰে।

উল্লেখ্য যে, ২০২২ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে ২৫১ গৰাকী ব্যক্তি আৰু ৯২ টা সংগঠনসহ মুঠ ৩৪৩ প্ৰাৰ্থী মনোনীত হৈছে। জুবেইৰ আৰু প্ৰতীক সিনহাৰ উপৰিও এই তালিকাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা, বিশ্ব স্বাস্থ্য সংস্থা (বিশ্ব স্বাস্থ্য সংস্থা) আৰু ৰাছিয়াৰ বিৰোধী আৰু ভ্লাদিমিৰ পুটিনৰ সমালোচক এলেক্সি নাভালনিয়েও স্থান পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd