ক’লাধনৰ নতুন অধ্যায়; ৰেকৰ্ড ভংগ কৰিলে ছুইছ বেংকত ভাৰতীয়ৰ জমা ধনৰ পৰিমানে!

swiss-bank-money

২০১৪চনত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পূৰ্বে ক’লা ধনৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীয়ে। বিজেপি ক্ষমতালৈ আহিলে বিদেশত থকা ভাৰতীয়ৰ ক’লা ধন ঘুৰাই অনাৰ দাবী কৰিছিল।

পিচে, বাস্তৱত দেখা গৈছে যে বিদেশৰ পৰা ধন ঘুৰি অহাটো বাদেই, দিনে দিনে ছুইছ বেংকত ভাৰতীয় ধন বৃদ্ধিহে পাইছে।

ছুইছ বেংকৰ বাৰ্ষিক হিচাপ অনুসৰি ২০২০চনত কেবল ভাৰতীয়সকলৰ জমা ধনৰ পৰিমানেই হৈছে প্ৰায় ২০ হাজাৰ ৭০০কোটি টকা। এয়া বিগত ১৩ বছৰৰ ভিতৰত সৰ্বাধিক।

২০১৮চনৰ অন্তত ছুইছ বেংকত ভাৰতীয়সকলৰ জমা ধনৰ পৰিমান আছিল ১২,৬১৫কোটি টকা। সেয়া ২০১৯চনত একেধাপে কমি হয়গৈ ৬হাজাৰ ৬২৫কোটি টকা। কিন্তু ২০২০চনত হঠাতে ইমান কেনেকৈ বাঢ়িল জমা ধনৰ পৰিমান।

ছুইছ বেংকত ভাৰতীৰ জমা ধনৰ পৰিমান ২০০৬চনত সৰ্বাধিক আছিল যদিও সেয়া ২০১১, ২০১৩ আৰু ২০১৭চনক বাদ দি প্ৰতিবছৰে এই জমা ধনৰ পৰিমান হ্ৰাস পাইছে।

কিন্তু এইবাৰ ভাৰতীয়ৰ জমা ধনৰ পৰিমানে ৰেকৰ্ড গঢ়িলে। অৱশ্যে, এয়া ছুইছ বেংকৰ ভাৰতীয় শাখা তথা আন বিত্তীয় প্ৰতিষ্ঠান বা বিভিন্ন ধৰণৰ ট্ৰাষ্ট, বণ্ড, ছিকিউৰিটি মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ। অকল নগদ জমা ধন অৱশ্যে পূৰ্বৰ তুলনাত কমিছে।

আনহাতে, এই জমাৰ পৰিমানটো দৰাচলতে চৰকাৰী হিচাপহে। ইয়াৰ উপৰি, ছদ্মনামত একাউন্ট বা ছদ্মনামত সংস্থাৰ জৰিয়তে অনৈতিকভাৱে বহু ভাৰতীয়ই ছুইছ বেংকত ধন জমা ৰাখে।

তদুপৰি, বহু প্ৰবাসী ভাৰতীয়ইও বৈধভাৱেই তাত ধন জমা ৰাখে। গতিকে, সেই পালৰ পৰা চালে ক’লা ধনৰ প্ৰকৃত পৰিমান জনাটো সম্ভৱ নহয়। কিন্তু ছুইছ বেংক কৰ্তৃপক্ষই কোন কোন ভাৰতীয়ৰ একাউন্ট আছে, কাৰ কাৰ কিমান টকা জমা আছে তাৰ হিচাপ পূৰ্বেই কেন্দ্ৰক দিছিল।

বিশ্বৰ ৮৬খন দেশৰ নাগৰিকৰ বেংক একাউন্ট সম্পৰ্কে ছুইছ বেংক কৰ্তৃপক্ষই সংশ্লিষ্ট চৰকাৰসমূহক জনাইছিল। সেই তালিকাত ভাৰতো আছে।