সমগ্ৰ বিশ্বতে খলিস্তানীপন্থী বিচ্ছিন্নতাবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ভিন্দ্ৰেনৱালৰ অনুগামীসকলে ভাৰত বিভাজনৰ সপোন দেখিছে। এইবাৰ ভাৰতৰ ৰাষ্ট্ৰদূতক ব্ৰিটেইনৰ এটা গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা দিয়ে শিখ বিচ্ছিন্নতাবাদীসকলে।
শুকুৰবাৰে ব্ৰিটেইনত ভাৰতৰ ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীয়ে খালিস্তান সমৰ্থকৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হয়। স্কটলেণ্ডৰ এটা গুৰুদ্বাৰাত তেওঁক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল।
উগ্ৰপন্থী বৃটিছ শিখৰ এটা দলৰ আপত্তিৰ বাবে গ্লাছগোৰ সেই ধৰ্মস্থানত প্ৰৱেশ কৰিব নোৱাৰিলে দোৰাইস্বামী। এই ঘটনাই নতুন দিল্লী আৰু লণ্ডনৰ মাজত কূটনৈতিক উত্তেজনা আৰম্ভ কৰিছে। ইয়াৰ আগতেও ভাৰতীয় কূটনীতিবিদসকলে দেশখনত খালিস্তানীৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল।
লগতে পঢ়কঃ বিতৰ্কিত মন্তব্য! মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিলে ইস্কনে
উল্লেখ্য যে কেইমাহমানৰ আগতে খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ চেষ্টাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তত খালিস্তানীপন্থীসকলে প্ৰতিবাদ কৰিছিল। ব্রিজবেন, লণ্ডন, ছান ফ্ৰান্সিস্কো আদি কেইবাঠাইতো হালধীয়া পতাকাধাৰীসকলে ভাৰতীয় দূতাবাসত তাণ্ডৱ চলাইছিল৷
লণ্ডনত থকা উচ্চায়ুক্তৰ ৰাষ্ট্ৰীয় পতাকা আঁতৰাই তাত হালধীয়া পতাকা লগাই দিয়া হৈছিল। ভাৰত বিৰোধী শ্লোগানো দিয়া হৈছিল। এইবাৰ ভাৰতীয় ৰাষ্ট্ৰদূতক ব্ৰিটেইনৰ এটা গুৰুদ্বাৰত প্ৰৱেশত বাধা দি পৰিস্থিতি আৰু জটিল কৰি তুলিলে খালিস্তানীপন্থীসকলে।
উল্লেখ্য যে ২০২৩ চনৰ ১৮ জুনত কানাডাত কুখ্যাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। ছাৰেৰ এটা গুৰুদ্বাৰৰ সন্মুখত অচিনাক্ত ব্যক্তিয়ে খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বীজনৰ ওপৰত গুলীচালনা কৰে। নিজ্জাৰ হত্যাকাণ্ডৰ লগত কোন জড়িত সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃ ৱেগনাৰৰ দায়িত্ব লাভ কৰা কোন এই আন্দ্ৰেই ট্ৰ’শ্বেভ? পুনৰ ইউক্ৰেইনত চলিব নেকি বিধ্বংসী আক্ৰমণ?
অৱশ্যে কানাডা চৰকাৰে এই ঘটনাৰ আঁৰত ভাৰত থকা বুলি অভিযোগ উত্থাপন কৰিছে। কোনো প্ৰমাণ অবিহনে সৰৱ হয় কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। তেতিয়াৰ পৰাই নতুন দিল্লী আৰু কানাডাৰ মাজত কূটনৈতিক উত্তেজনা অব্যাহত আছে।