• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2025 8:43 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিষয়াসকলে জানিবলৈ দিয়া মতে, অসম চৰকাৰে দুখন জিলাৰ বেদখলৰ পৰা ৪ হাজাৰ বিঘাতকৈ অধিক (৫৪০ হেক্টৰৰো অধিক) মাটি মুক্ত কৰাৰ বাবে সাজু হৈছে আৰু এই অভিযানে প্ৰায় ২৫০০ পৰিয়ালক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে।

প্ৰশাসনে মঙলবাৰে ধুবুৰীৰ তিনিখন ৰাজহ গাঁৱৰ ৩০০০ বিঘা মাটি মুকলি কৰিবলৈ ১২০০-১৪০০ পৰিয়ালক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰাৰ লগতে বৃহস্পতিবাৰ বা তাৰ পিছত প্ৰায় ১০৪০ বিঘা বনাঞ্চল মুক্ত কৰাৰ বাবে গোৱালপাৰাৰ প্ৰায় ১১০০ পৰিয়ালক উচ্ছেদ কৰি অনুৰূপ অভিযান চলাব।

Apply Now

ধুবুৰী জিলা প্ৰশাসনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, চাপৰ ৰাজহ চক্ৰত আদানী গোটৰ প্ৰস্তাৱিত তাপ শক্তি প্ৰকল্পৰ বাবে মাটি দিবলৈ এই মাটি মুকলি কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ হ’ব।

তেওঁ লগতে কয়, “আদানি গোটক গতাই দিয়াৰ বাবে আমি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ৩৫০০ বিঘা আবণ্টন দিছো। তাৰ ভিতৰত প্ৰায় ৩ হাজাৰ বিঘা ১২০০-১৪০০ পৰিয়ালে বেদখল কৰি আছে আৰু সেই মাটিখিনি আমি মুকলি কৰিম।”

এই উচ্ছেদ অভিযান চাৰুৱা বাক্ৰা, চিৰাকুটা আৰু সন্তোষপুৰ গাঁৱত চলোৱা হ’ব আৰু বেদখল কৰা বুলি অভিযোগ উত্থাপন হোৱা ভূমিখিনি খালী কৰিবলৈ গাঁওবাসীক উপযুক্ত জাননী দিয়া হৈছিল বুলি দাবী কৰিছে বিষয়াগৰাকীয়ে।

তেওঁ লগতে কয়, “আথানি চক্ৰৰ বাইজাৰ আলগাত আমি বেদখলকাৰীৰ অস্থায়ী পুনৰ্বাসনৰ বাবে ৩০০ বিঘা মাটি আৱণ্টন দিছো। আমি ৫০ হাজাৰকৈ টকা অনুমোদন জনাইছো আৰু ইতিমধ্যে বহু লোকে স্বেচ্ছাই নিজৰ মাটি এৰি যোৱাৰ আগতে এই ধনৰাশি লাভ কৰিছে।”

এই তিনিখন গাঁৱত বহু পৰিয়ালৰ স্থায়ী ‘পট্টা’ অথবা ভূমিৰ অধিকাৰ থকা বুলি উল্লেখ কৰি চৰকাৰে নিৰ্ধাৰিত মানদণ্ড অনুসৰি ক্ষতিপূৰণ দি ভূমি অধিগ্ৰহণৰ সঠিক প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

যোৱা মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তি প্ৰকল্পটোৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰিছিল, আৰু ঘোষণা কৰিছিল যে তাত ৩৪০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু প্ৰকল্পটোৰ বাবে অলপতে নিবিদা আহ্বান কৰা হ’ব।

গোৱালপাৰাত জিলা প্ৰশাসনে কৃষ্ণাই বনাঞ্চলৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১,০৪০ বিঘা মাটি মুকলি কৰাৰ বাবে উচ্ছেদ অভিযান চলাব বুলি গোৱালপাৰাৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) তেজছ মাৰিস্বামীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে ১০৮০টা পৰিয়ালে বনাঞ্চলৰ মাটি বেদখল কৰিছে আৰু আমি যোৱা বছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত তেওঁলোকক খালী কৰিবলৈ কৈছিলোঁ।আমি যোৱা মাহত পুনৰ তেওঁলোকক ১০ জুলাইৰ ভিতৰত অঞ্চলটো এৰি যাবলৈ জাননী দিছিলো।

ইতিমধ্যে বহু পৰিয়ালে বনাঞ্চলৰ পৰা ওলাই গৈছে বুলিও ডি এফ অ’গৰাকীয়ে কয়, আনহাতে উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে অহা দুদিনৰ ভিতৰত বাকী থকা পৰিয়ালসমূহো আঁতৰি যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

মাৰিস্বামীয়ে কয় যে ২০২৩ চনৰ পৰা আমি চাৰিখন বনাঞ্চলত বেদখলৰ পৰা ৬৫০ হেক্টৰ মাটি মুকলি কৰিছো। তাৰ ভিতৰত ২০০ হেক্টৰত মানুহৰ বাসস্থান আছিল আৰু বাকী ৪৫০ হেক্টৰত খেতি কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

গৱেষণাগাৰত বিজ্ঞানীয়ে সৃষ্টি কৰিলে কৃত্ৰিম মগজু: জীৱিত থাকিল সুদীৰ্ঘ ৭ বছৰ

September 10, 2026 7:44 am
লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd