• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সঁচাকৈয়ে! ভাৰতীয়সকলৰ ঘৰত মজুত হৈ আছে ২.২ কোটি কিলোগ্ৰাম সোণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2025 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৰোনামটোলৈ চালে এনে লাগিব পাৰে যে এইটো নিশ্চয় ছপাৰ ভুল। সাধাৰণ লোকৰ ঘৰত ইমান সোণ মজুত থকাটো সম্ভৱনে?  হয় পাৰে, আৰু আছেও। এইচ এছ বি চি গ্ল’বেল কৰ্তৃপক্ষই শেহতীয়াকৈ কৰা সমীক্ষাত প্ৰদান কৰা পৰিসংখ্যাই এই কথা প্ৰকাশ কৰিছে। আপুনি আচৰিত হৈছে নেকি?

পৰৱৰ্তী তথ্য শুনিলে আচৰিত হোৱাৰ মাত্ৰা আৰু বেছি শক্তিশালী হ’ব। বহুকাল ধৰি ভাৰতীয়সকলৰ এই  ‘হালধীয়া ধাতু’ৰ প্ৰতি প্ৰেম ইমানেই বেছি যে তেওঁলোকে ঘৰত জমা কৰা মুঠ সোণৰ সম্পদ বিশ্বৰ ১০টা বৃহৎ কেন্দ্ৰীয় বেংকত মজুত থকা সোণতকৈ বহু বেছি।

Apply Now

উদাহৰণস্বৰূপে আমেৰিকাৰ কেন্দ্ৰীয় বেংকৰ ওচৰত জমা আছে ৮১৩ লাখ কিলোগ্ৰাম সোণ, আনহাতে জাৰ্মান কেন্দ্ৰীয় বেংকৰ হাতত আছে ৩৩ লাখ কিলোগ্ৰাম সোণ আছে। এই তালিকাত অষ্টম স্থানত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, ৮.৭৬ লাখ কেজি মজুত আছে। কেন্দ্ৰীয় বেংকৰ তালিকাত বাকী থকা দেশসমূহ হ’ল ইটালী, ফ্ৰান্স, ৰাছিয়া, চীন, ছুইজাৰলেণ্ড, জাপান আৰু তুৰস্ক।

আপুনি নিশ্চয় ভাবিছে যে ই এক বৃহৎ কৃতিত্ব। দেশৰ ১৪৬ কোটি জনসংখ্যাই মজুত কৰি ৰখা সোণৰ পৰিমাণটো কেলকুলেটৰত ভাগ কৰি চাওক। আপুনি দেখিব যে জনমূৰি জমা হোৱা সোণৰ পৰিমাণ ৫৮.৪২ গ্ৰামতকৈ অলপ বেছি।

যি হাৰত সোণৰ দাম বৃদ্ধি পাইছে সোণ কিনাটো দূৰৰে কথা, দাম হিচাপ কৰিলেও চক কপালত উঠি যায়। চলিত সপ্তাহটোতে চাই লওঁক। সপ্তাহৰ প্ৰথম দিনটোত প্ৰতি ১০ গ্ৰাম বিশুদ্ধ সোণৰ (২৪ কেৰেট, ৯৯৯ বিশুদ্ধতা) মূল্য আছিল ৮৭,৭৫০ টাকা (কৰ বাদ দি)। আৰু সপ্তাহটোৰ শেষলৈকে শনিবাৰে মূল্য ৮৯,৭০০ টাকা পালেগৈ। অৰ্থাৎ ১০ গ্ৰাম সোণৰ মূল্য কৰ বাদ দি ১৯৫০ টাকা বৃদ্ধি পাইছে। কৰ আৰু মজুৰি ধৰিলে সেয়া ক’লৈ যায় তাৰ এটা ধাৰণা আপোনাৰ আছে। ফলত ৫৮ গ্ৰামৰ চাপ আৰু নোলোৱাই ভাল। আপুনি যিখিনি ক্ৰয় কৰা ৰাখিছে, তাৰ সামগ্ৰিক মূল্য কিমান বৃদ্ধি পাইছে সেই কথা ভাবি সন্তুষ্টি লাভ কৰক।

বিয়াৰ বতৰ আহি আছে। নতুন মাহ ব’হাগত কাৰোবাক বিয়াৰ উপহাৰ দিবলৈ কিনিব বুলি ভাবি আছে। কিন্তু যি হাৰত দাম বৃদ্ধি পাইছে, সেইটোৱে আশাত পানী ঢালিব পাৰে। সেইবুলি সোণৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আশা নাৰাখিব। আইচিআইচিআই বেংক গ্ল’বেল মাৰ্কেটছৰ অনুমান অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য চলিত বৰ্ষৰ শেষলৈকে প্ৰতি ট্ৰয় আউন্সত ৩২০০-৩৪০০ ডলাৰ হ’ব পাৰে।

ইপিনে, ইয়াৰ মাজতে যদি আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কমাবলৈ আগবাঢ়ি আহে তেন্তে দাম আৰু বৃদ্ধি পাব পাৰে। ফলত ভাৰতত চলিত বৰ্ষৰ প্ৰথমাৰ্ধত প্ৰায় ৯০ হাজাৰ আছিল যদিও ২০২৫ চনৰ দ্বিতীয়াৰ্ধত প্ৰতি ১০ গ্ৰামত ৯৪-৯৬ হাজাৰ টকা হোৱাৰ সম্ভাৱনা অতি বেছি।

অনাগত দিনত গহনা-অলংকা ক্ৰয় ক্ৰমান্বয়ে লেহেমীয়া হ’ব বুলি বিশেষজ্ঞসকলে আশংকা কৰিছে। যিটো দেশৰ সোণৰ আমদানিৰ ওপৰত ভিত্তি কৰি অনুমান কৰা হৈছে। সেয়া যোৱা ১১ মাহৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে। পৰিসংখ্যা অনুসৰি যোৱা জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ ১৪% হ্ৰাস পাইছে আৰু যোৱা বছৰৰ ফেব্ৰুৱাৰীৰ তুলনাত ৬৩% হ্ৰাস পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd