‘নৰ্থইষ্ট নাও’ৰ সাংবাদিক দুলাল মিশ্ৰলৈ ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’

272998252_3082729055278486_6993045121016051930_n

'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' গ্রহণ কৰাৰ মুহূর্তত নৰ্থইষ্ট নাওৰ সাংবাদিক দুলাল মিশ্ৰ।

দেশৰ অন্যতম সংবাদসেৱী সংস্থা ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নে আজি অসম  ৰাজ্যিক সাংবাদিক সন্থাৰ সহযোগত গুৱাহাটীত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ‘নৰ্থইষ্ট নাও’ৰ জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’ৰে সন্মানিত কৰে। 

শনিবাৰে দিছপুৰৰ অসম লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পিযুষ হাজৰিকাই মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা’ প্ৰদান কৰে।

সুদীৰ্ঘ প্ৰায় ২৫বছৰ কাল সাংবাদিকতা কৰা দুলাল মিশ্ৰই কেইবাখনো অসমৰ শীৰ্ষস্থানীয় দৈনিক বাতৰি কাকতৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী ‘দ্য ছানডে ইণ্ডিয়ান’তো সাংবাদিক হিচাপে সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক: ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

বৰ্তমান ‘নৰ্থ ইষ্ট নাও’ৰ জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰই কেইবাখনো গ্ৰন্থও ৰচনা তথা সম্পাদনা কৰিছে।   

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহোগত আয়োজিত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি বি.আৰ. প্রজাপতি, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে।

তদুপৰি, অনুষ্ঠানত অসম সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সচিব বাবুল বৰাও উপস্থিত থাকে।

লগতে পঢ়ক: চিপাহীখোলাত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশনৰ মূল পতাকা উত্তোলন

এই অনুষ্ঠানতে অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস(IAS), লাহৰীঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ মহম্মদ নজৰ, অসম আৰক্ষীৰ বিষয়া প্ৰসেনজিৎ দাস, আৰু সাংবাদিক এনাক্ষী শইকীয়া বৰুৱাকো সম্বৰ্দ্ধনা জনোৱা হয়।