• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Linthoi Chanambam: ঐতিহাসিক! জুডোৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ কিশোৰী লিন্থই চানম্বাম; লক্ষ্য এইবাৰ অলিম্পিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2022 3:12 pm
লিন্থই চানম্বাম।

লিন্থই চানম্বাম।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Judoka Linthoi Chanambam makes history মণিপুৰৰ লিন্থই চানম্বাম জুডোত বিশ্ব চেম্পিয়ন হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত লিন্থইৰ কৃতিত্বৰ আঁৰত আছে এক অতি মন চুই যোৱা কাহিনী।

মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ মায়াঙত ঘৰ লিন্থই চানম্বামৰ। তেওঁ সৰুৰে পৰাই জুডোত আগ্ৰহী আছিল। কিন্তু লিন্থই ছোৱালীবোৰৰ সৈতে যুঁজিবলৈ ভাল নাপাইছিল। তেওঁ চুবুৰীৰ ল’ৰাবোৰৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰায় প্ৰতি সপ্তাহতে কণমানি লিন্থইৰ সৈতে জুডোৰ যুঁজত কোনো নহয় কোনো এজন ল’ৰা আঘাতপ্ৰাপ্ত হৈছিল।

তুমি ল’ৰাবোৰৰ সৈতে খেলি কিয় ভাল পাইছিলা? লিন্থই হাঁহি মাৰি কৈছিল, “মই সৰুৰে পৰা জুডো খেলি ভাল পাইছিলো। মই ভাবিছিলো যে মই ডাঙৰ হৈ ল’ৰা হ’ম। মই বুজি পোৱা নাছিলো যে ডাঙৰ হৈও মই ছোৱালী হৈয়েই থাকিম। সেয়ে মই ল’ৰাবোৰৰ সৈতে খেলিছিলো। মোৰ প্ৰায় সকলো বন্ধু ল’ৰাই আছিল। তাত দুগৰাকীমান ছোৱালী আছিল। সেইকাৰণে মই ল’ৰাবোৰৰ সৈতেই খেলিছিলো। বহুতে আঘাতপ্ৰাপ্ত হৈছিল। তাৰ পিছত তেওঁলোকৰ মাক-দেউতাকে তেওঁলোকক লৈ স্থানীয় হাস্পাতাললৈ দৌৰিব লগা হৈছিল।”

Apply Now

১৬ বছৰীয়া কিশোৰীগৰাকীয়ে শুকুৰবাৰে জৰ্জিয়াত অনুষ্ঠিত জুডোৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে উচ্ছ্বসিত। লিন্থই কয় “মোৰ অত্যন্ত ভাল লাগিছে। মই সঠিকভাৱে বুজাব নোৱাৰো। মই মনেৰে আগবাঢ়িব বিচাৰিছিলো আৰু ঠিক সেইটোৱেই মই কৰিবলৈ সক্ষম হৈছো।”

লিন্থইৰ লক্ষ্য হৈছে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাল প্ৰদৰ্শন কৰা। বিশ্ব চেম্পিয়নগৰাকীয়ে কয়, “মই পেৰিছত স্বৰ্ণ জয় কৰিব বিচাৰো। মই তাৰ বাবে মোৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিম। যদি ২০২৪ত নোৱাৰো, ২০২৮ত লছ এঞ্জেলছ অলিম্পিকত স্বৰ্ণ জয় কৰিমে।”

লিন্থই সাত বছৰ বয়সত জুডো খেলিবলৈ আৰম্ভ কৰিছিল। পিতৃ এজন কৃষক। মাকে পৰিয়ালটো চম্ভালিছিল। তেওঁৰ এগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক আছে। লিন্থই কয়, “মই ২০১৪ চনৰ পৰা জুডো খেলা আৰম্ভ কৰিছিলো। ২০১৭ চনত মই কৰ্ণাটকৰ বেল্লাৰীত ইন্সপায়াৰ ইনষ্টিটিউট অফ স্পৰ্টছত যোগদান কৰিছিলো। মই খেলিবলৈ সৰুৰে পৰা সকলোৰে পৰা বহুত সমৰ্থন লাভ কৰি আহিছো। কিন্তু মোৰ দেউতাই মোক আটাইতকৈ বেছি উৎসাহিত কৰিছিল।‘’

লিন্থই লগতে কয়, “বেল্লাৰীৰ আগতে মই ঘৰৰ ওচৰৰ এখন সৰু একাডেমীত জুডো শিকিছিলো। মোৰ দেউতাই মোক লৈ গৈছিল। সকলো সময়তে লগত থাকিছিল। বক্সিং আৰু ফুটবলো মোৰ প্ৰিয় খেল। দৰাচলতে ঘৰৰ ওচৰত কেইখনমান জুডো একাডেমী থকাৰ বাবে মই এই খেলটোকে বাছনি কৰিছিলো। মোৰ দেউতাই মোক সদায় ওচৰত ৰাখিছিল। যিদিনা মই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ খেলিবলৈ অকলে তেলেংগানালৈ বুলি ৰে’লত উঠিছিলো মোৰ দেউতাই কান্দি পেলাইছিল।”

লিন্থইৰ প্ৰশিক্ষক মামুকা কিজিলাচিলিয়ে কয়, “তেওঁৰ সকলোবোৰৰ আঁৰতে পিতৃ। লিন্থই তেওঁৰ দেউতাকৰ অবিহনে একো ভাবিব নোৱাৰে। তেওঁলোকৰ পিতৃ-কন্যাৰ সম্পৰ্ক সঁচাকৈয়ে মহান।‘’

তেলেংগানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত তেওঁ প্ৰথমে লিন্থইক দেখিছিল। তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে মণিপুৰৰ এই সৰু ছোৱালীজনীৰ প্ৰতিভা আছে। তেওঁৰ ভাষাত “সেই বয়সত জুডোৰ প্ৰতি তেওঁৰ আগ্ৰহে মোক আচৰিত কৰি তুলিছিল। লিন্থইৰ এজন ভাল খেলুৱৈ হোৱাৰ সকলো গুণ আছিল। ১৩ বছৰ বয়সত মই তেওঁক ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (ছাই) নামভৰ্তিৰ বাবে পৰামৰ্শ দিছিলো। সকলোৱে মোৰ সেই পৰামৰ্শৰ ফলাফল দেখিছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd