ছোমালি জলদস্যুৰ কবলৰ পৰা ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰিলে ২৩জন পাকিস্তানী নাগৰিকক

ভাৰতীয় নৌসেনাই ১২ ঘণ্টীয়া অভিযানৰ অন্তত ছোমালি জলদস্যুৰ কবলৰ পৰা ২৩ জন পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰে।

নৌসেনাৰ এজন বিষয়াই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া আৰব সাগৰৰ ছ’কোট্ৰা দ্বীপৰ পৰা ৯০ নটিকেল মাইল দক্ষিণ-পশ্চিমে ইৰাণৰ পতাকা থকা মাছ ধৰা নাও ‘আল-কাম্বাৰ ৭৮৬’ত হাইজেক কৰাৰ উদ্দেশ্যে ৯ জন সশস্ত্ৰ জলদস্যু উঠি পৰে।

নৌসেনাৰ টহলদাৰী জাহাজ ‘আই এন এছ সুমেধা’ই শুকুৰবাৰে পুৱা অপহৰণৰ তথ্য লাভ কৰি সেই স্থানত উপস্থিত হয়। ইয়াৰ কিছু সময়ৰ পাছত তাত উপস্থিত হ’ল যুদ্ধজাহাজ ‘আই এন এছ ত্ৰিশূল’।

লগতে পঢ়কঃ গেৰুৱা শিৱিৰত ধুই মেলি সকলো পৰিষ্কাৰ! দুৰ্নীতিৰ গোচৰত ৮ মাহতে প্ৰফুল্ল পেটেলক ক্লীনচিট চিবিআইৰ

প্ৰায় ১২ ঘণ্টাৰ অভিযানৰ অন্তত জলদস্যুসকলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰা হয়। সেই মাছ ধৰা নাওখনৰ ২৩জন পাকিস্তানী শ্ৰমিককো উদ্ধাৰ কৰা হয়।

ভালদৰে পৰীক্ষা-নিৰীক্ষাৰ অন্তত নাওখনক পুনৰ নিৰাপদ স্থানলৈ আনি স্বাভাৱিক কাম-কাজলৈ ঘূৰাই অনা হ’ব বুলি নৌসেনাই জানিবলৈ দিয়ে।

লগতে পঢ়কঃ এইবাৰ ইডিৰ নজৰত পৰিবহণ মন্ত্ৰী; কেলেংকাৰীৰ গোচৰত আজি হাজিৰ হ’বলৈ নিৰ্দেশ

উল্লেখ্য যে বিগত কেইমাহমানৰ পৰা আৰব সাগৰত কেইবাখনো জাহাজ আৰু নাওত ছোমালি জলদস্যুই আক্ৰমণ চলাই আহিছে।