• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশ-বিদেশত বিজয় নিচান উৰুৱাই গুৱাহাটীত যুঁজিবলৈ আহি আছে মেৰীকম

অহা ২০ ৰ পৰা ২৪ মে’লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপ

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , May 10, 2019 10:14 am

2 min read

mary-kom-

মেৰীকমৰ ফাইল ফটো

912
VIEWS
Share on FacebookShare on Twitter

বিগত সময়ছোৱাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাৰ পাছত এইবাৰ পুনৰ গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে এখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকম, অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপাকে ধৰি ভাৰতৰ লগতে বিদেশৰ বিভিন্ন আগশাৰীৰ বক্সাৰৰ খেল চোৱাৰ সৌভাগ্য হ’ব গুৱাহাটী তথা অসমবাসীৰ।

অহা ২০ ৰ পৰা ২৪ মে’লৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান অ’পেন বক্সিং চেম্পিয়নশ্বিপ। এই কথা জানিবলৈ দিছে অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাই।

সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতাত অসম বক্সিং সন্থাই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

বিশ্বমানৰ প্ৰতিযোগিতাখনত ভাৰতৰ লগতে প্ৰায় ২৫ খন দেশৰ আগশাৰীৰ বক্সাৰে অংশ ল’ব বুলি অসম বক্সিং সন্থাৰ সাঃ সম্পাদকৰাকীয়ে কয়। তদুপৰি ভাৰতৰ হৈ মেৰীকম, শিৱ থাপা, লাভলিনা, ফাইলাও আদিৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে গুৱাহাটীয়ে এই প্ৰতিযোগিতাখনৰ পূৰ্বে ২০১৭ত অতি সফলতাৰে আয়োজন কৰিছিল আইবা ওমেন’ছ য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ। য’ত ভাৰতে অভিলেখ সংখ্যক পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

অহা বছৰ অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিক গেইমছৰ পূৰ্বে এই প্ৰতিযোগিতাখন ভাৰতীয় বক্সাৰ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd