এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশী বুলি চিনাক্ত স্বদেশী পৰিয়ালে চৰকাৰৰ পৰা বিচাৰিছে ন্যায়

এন আৰ চি

এন আৰ চিৰ চূড়ান্ত খচৰাত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এটা পৰিয়ালৰ পিতৃক ডি ভোটাৰ আৰু পুত্ৰক বিদেশী বুলি ঘোষণা কৰাৰ পিছত তীব্ৰ মানসিক চাপত ভূগি থকা পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰৰ পৰা ন্যায় বিচাৰিছে।

উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত ৮নং ৱাৰ্ডৰ সুদৰ্শন বিশ্বাস নামৰ লোকজনক এন আৰ চিৰ চূড়ান্ত খচৰাত ডি ভোটাৰ সজোৱা হৈছে। তদুপৰি সুদৰ্শন বিশ্বাসৰ পুত্ৰ ৰতন বিশ্বাসক বিদেশী বুলি ঘোষণা কৰাহৈছে।

এনে ঘটনাত উদ্বেগ প্ৰকাশ কৰি পৰিয়ালটোৱে দিশহাৰা হৈ পৰিছে। পৰিয়ালটোৱে এন আৰ চিৰ জৰিয়তে এখন বিদেশীমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ আছে বুলিও মন্তব্য কৰে।

পৰিতাপৰ কথা যে এন আৰ চিৰ চূড়ান্ত খচৰাত সুদৰ্শন বিশ্বাস নামৰ লোকজনক ডি ভোটাৰ অৰ্থাৎ বিদেশী ন্যায়াধিকৰণত গোচৰ বিবেচনাধীন হৈ থকা বুলি দেখুওৱা হৈছে যদিও সুদৰ্শন বিশ্বাসৰ পিতৃ যামিনী বিশ্বাসে ১৯৫১ চনতে অসমলৈ অহাৰ বৈধ প্ৰমাণ-পত্ৰ আছে।

আনহাতে, সুদৰ্শন বিশ্বাসে ১৯৬৬ চনত ঢেকীয়াজুলিৰ নেতাজী বিদ্যামন্দিৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে সেই  বৰ্ষতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সম্পূৰ্ণ প্ৰমাণ-পত্ৰ আছে। তদুপৰি তেওঁ ১৯৭৪ চনত কেন্দ্ৰীয় চৰকাৰৰ টেলিফ’ন এক্সচেঞ্জত চাকৰিয়াল হিচাপে কৰ্মৰত হৈ ২০০৬ চনত অৱসৰ গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ এজন চাকৰিয়ালে চাকৰিকাল সম্পূৰ্ণ কৰি অৱসৰ লোৱাৰ পিছত ডি ভোটাৰ কেনেকৈ হ’ল তাক লৈ বৰ্তমান ৭০ বছৰ বয়সীয়া এই ব্যক্তিজনে প্ৰশ্ন উত্থাপন কৰিছে।

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়ালজনৰ পুত্ৰ ৰতন বিশ্বাসক এন আৰ চিৰ খচৰাত বিদেশী বুলি ঘোষণা কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ব্যক্তিজনে। ভুক্তভোগী পৰিয়ালটোৱে এনে গুৰুতৰ ভুলৰ এক উপযুক্ত তদন্ত কৰি ন্যায় বিচাৰ কৰিবলৈ এন আৰ চি কৰ্তৃপক্ষক দাবী জনাইছে।