NORTHEAST NOW (Assamese)

ইংলেণ্ডত হাতত ভাগৱত গীতা লৈ হাউচ অব কমনত শপত ল’লে ভাৰতীয় মূলৰ সাংসদে

December 19, 2019 5:36 pm · এন ই নাও নিউজ
Updated: December 19, 2019 6:15 pm
ৰিশি সুনাক আৰু আলোক শৰ্মা

ব্ৰিটিছ কেবিনেট মন্ত্ৰী আলোক শৰ্মা আৰু ট্ৰেজাৰীৰ মুখ্য সচিব ৰিশি সুনাকে ১৭ ডিচেম্বৰত ব্ৰিটিছ সংসদৰ সদস্য হিচাপে ভাগৱত গীতা হাতত লৈ শপত গ্ৰহণ কৰে।

ভাৰতত জন্মগ্ৰহণ কৰা আলোক শৰ্মাই চতুৰ্থবাৰলৈ ৰিদিং ৱেষ্টৰ পৰা সংসদলৈ নিৰ্বাচিত হয়।

আনহাতে, ইনফোচিছৰ প্ৰতিষ্ঠাতা এন আৰ নাৰায়না মুৰ্তিৰ পৰিয়ালৰ সম্পৰ্কীয় সুনাকে তৃতীয়বাৰৰ বাবে য়ুৰ্কশ্বায়াৰৰ ৰিকমোন্দ সমষ্টিৰ পৰা নিৰ্বাচিত হয়।

দুয়োগৰাকী ভাৰতীয় মূলৰ সাংসদে হিন্দু ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ভাগৱত গীতা হাতত লৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে শপত বাক্য গ্ৰহণ কৰে।

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বোৰিছ জনছনে হাতত খ্ৰীষ্টিয়ান ধৰ্মৰ ধৰ্মগ্ৰন্থ বাইবেল হাতত লৈ শপত গ্ৰহণ কৰে।

য়ু কেৰ চলিত নিৰ্বাচনত ব্ৰিটিছ সদনলৈ মুঠ ১৫ গৰাকী ভাৰতীয় মূলৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে। নিৰ্বাচনত কনজাৰভেটিভ পাৰ্টিয়ে লেবাৰ পাৰ্টিক পৰাস্ত কৰি শাসনভাৰ দখল কৰে।

Related News