ঘাটিত চলিছে ভাৰতীয় ৰে’লৱে, তিনি বছৰত ৫৪৩ কোটি টকা লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে। লোকসভাত নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (CAG)ৰ নিৰীক্ষণ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। প্ৰতিবেদনত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২৩ চনৰ মাৰ্চলৈকে ৰে’লৱেৰ লাভ-লোকচানৰ হিচাপ পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে। সোমবাৰে লোকসভাত এই প্ৰতিবেদন দাখিল কৰি কেগে মুঠ ২৫টা ঘটনাৰ ওপৰত আলোকপাত কৰে।
প্ৰকাশিত তথ্য অনুসৰি ৰে’লৱেৰ আৰ্থিক লোকচানৰ মূল কাৰণ আছিল বিভিন্ন স্থানৰ পৰা সম্পূৰ্ণ ধন সংগ্ৰহ কৰিব নোৱাৰা, অপ্ৰয়োজনীয় ব্যয়, সু-ব্যৱস্থাপনাৰ অভাৱ আৰু ৰাজহৰ অভাৱএ মূল কাৰণ। কেগৰ প্ৰতিবেদন অনুসৰি বিভিন্ন সময়ত বিভিন্ন ৰে’ল সংস্থাই নিয়ম উলংঘা কৰি অহিছে। যাৰ বাবে এই অপ্ৰয়োজনীয় ব্যয় বা ৰাজহৰ অভাৱ ঘটিছিল। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য হ’ল উত্তৰ ৰে’লৱেৰ ঘাটি। পাঁচখন চৰকাৰী বিদ্যালয়ৰ পৰা ভূমি অনুজ্ঞাপত্ৰৰ বাবে ১৪৮.৬১ কোটি টকা সংগ্ৰহ কৰাত ব্যৰ্থ হয়। উত্তৰ ৰে’লৱেক এই মাটিৰ বজাৰ মূল্যৰ ৬ শতাংশ আদায় কৰিবলৈ স্পষ্টকৈ নিৰ্দেশ দিয়া হৈছিল। কেগৰ প্ৰতিবেদনত ৰে’লৱে উদ্ধাৰ কৰিব নোৱাৰা এইটোৱেই আটাইতকৈ বেছি ধন।
কেগৰ প্ৰতিবেদনত ৯টা জ’নেল ৰে’লৱেৰ ধন আদায় কৰাত ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন কৰা হৈছে। দক্ষিণ-পূব, দক্ষিণ-পশ্চিম, উত্তৰ মধ্য, পূব উপকূল, পূব, উত্তৰ-পশ্চিম, দক্ষিণ-পূব মধ্য, পশ্চিম মধ্য আৰু মধ্য ৰে’লৱে একেলগে ৫৫.৫১ কোটি টকা আদায় কৰিবলৈ ব্যৰ্থ হয়। ঠিকাদাৰৰ পৰা ৫৫.৫১ কোটি টকা আদায় কৰাত ব্যৰ্থ হ’ল জিলা খনিজ ফাউণ্ডেচন। এই ডি এম এফৰ ধন ৰে’লৱেৰ খননৰ কামৰ বাবে ক্ষতিগ্ৰস্ত লোক বা অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও ইষ্ট চেণ্ট্ৰেল ৰে’লৱেৰ গাফিলতিৰ বাবে ভাৰতীয় ৰে’লৱেৰ আৰু ৫০.৭৭ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়।কেগৰ প্ৰতিবেদন অনুসৰি দক্ষিণ ৰে’লৱে আৰু ইন্টিগ্ৰেল ক’চ ফেক্টৰীয়ে বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ আৰু পৰ্যাপ্ত কাৰিকৰী মূল্যায়ন নকৰাকৈয়ে নীলগিৰি মাউণ্টেন ৰে’লৱেৰ বাবে ২৮ মিটাৰ গেজ ডবা নিৰ্মাণ কৰিছে। ইয়াৰ বাবে ২৭.৯১ কোটি টকা খৰচ হয়। দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেই আৰু ২৩.১৬ কোটি টকা ব্যয় কৰাৰ অভিযোগ, যিটো এৰাই চলিব পৰা গ’লহেঁতেন। কেন্দ্ৰীয় ৰে’লৱেই পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰত অতিৰিক্ত ১৫.৬২ কোটি টকা ব্যয় কৰিছে।