ৰে’ল মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : ৰে’ল ভ্ৰমণত নিষিদ্ধ এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক

plastic

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে ৰে’ল মন্ত্ৰালয়ে বুধবাৰে দেশৰ সকলো প্ৰান্তৰ ৰে’ল বিভাগসমূহক ৰে’ল যাত্ৰাৰ সময়ত এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশ দিছে।

বিভাগে জাৰি কৰা জাননী মতে, ৫০ মাইক্ৰ’নছতকৈ পাতল প্লাষ্টিকসমূহৰ ব্যৱহাৰ নিষিদ্ধ  কৰা হৈছে ৰেল যাত্ৰাত।

প্লাষ্টিকজাত আৱৰ্জনা হ্ৰাস কৰাৰ লক্ষ্যৰে ৰে’ল মন্ত্ৰালয়ে লোৱা নতুন সিদ্ধান্ত চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা কাৰ্য্যকৰী হ’ব।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছিল।

প্ৰকৃতিৰ ক্ষতিসাধনত মুখ্য ভূমিকা লোৱা প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰি এখন প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে আগবাঢ়ি আহিবলৈ কয়।

বিগত বৰ্ষত উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্য্যালয়, প্ৰতিষ্ঠানত এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰে।

এই সিদ্ধান্তৰ দ্বাৰা উত্তৰাখণ্ডৰ চৰকাৰী কাৰ্য্যালয়, প্ৰতিষ্ঠানত প্লাষ্টিক গ্লাছ, বটল, কাপ আৰু অন্য সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব বুলি এগৰাকী উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াই মন্তব্য কৰে।