• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

হিচাপ অনুসৰি দিনটোৰ আৰম্ভণিতে বিএছইৰ মুঠ বজাৰ মূলধন আছিল প্ৰায় ৪৮৩.২৫ লাখ কোটি টকা। ৰাতিপুৱা প্ৰায় ৪৭৭.০৮ লাখ কোটিলৈ হ্ৰাস পায়। অৰ্থাৎ বজাৰৰ পৰা ৬.১৭ লাখ কোটি টকা অন্তৰ্ধান হৈ গ’ল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 28, 2026 12:57 pm
185
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সপ্তাহৰ প্ৰথম দিনটোতে শ্বেয়াৰ বজাৰত প্ৰলয়। চেন্সেক্স আৰু নিফ্টী হোৰহোৰাই পৰি আছে। আজিৰ দিনটোতে চেন্সেক্স প্ৰায় ৯০০ পইণ্ট হ্ৰাস পাইছে আৰু নিফটি ২৩ হাজাৰৰ তললৈ নামি আহে। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ মূল্য বৃদ্ধি, বিত্তীয় কোম্পানীসমূহৰ ষ্টক দুৰ্বলতা আৰু বিদেশী বিনিয়োগকাৰীয়ে নতুনকৈ শ্বেয়াৰ বিক্ৰী কৰাৰ বাবে বজাৰখন অস্থিৰ হৈ পৰিছে।

হিচাপ অনুসৰি দিনটোৰ আৰম্ভণিতে বিএছইৰ মুঠ বজাৰ মূলধন আছিল প্ৰায় ৪৮৩.২৫ লাখ কোটি টকা। ৰাতিপুৱা প্ৰায় ৪৭৭.০৮ লাখ কোটিলৈ হ্ৰাস পায়। অৰ্থাৎ বজাৰৰ পৰা ৬.১৭ লাখ কোটি টকা অন্তৰ্ধান হৈ গ’ল।

আজিৰ দিনটোত পুৱা ১০ বজালৈকে চেন্সেক্স ৮৮৩ পইণ্ট হ্ৰাস পাই ৭৩,০১৫.২২ পইণ্টত থিয় দিছিল। আনহাতে, নিফটি ৫০ ২৭২.৪৫ পইণ্ট হ্ৰাস পাই ২২,৮৬৪.৮০ পইণ্টত উপনীত হয়। ফলত বিনিয়োগকাৰীৰ অৱস্থা অত্যন্ত বেয়া।  বিশেষজ্ঞসকলৰ মতে এই বজাৰ পতনৰ আঁৰত ৩টা কাৰণ আছে।

Apply Now
খাৰুৱা তেলৰ মূল্য ১০৬ ডলাৰ অতিক্ৰম কৰিলে

এই মুহূৰ্তত ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে খাৰুৱা তেলৰ মূল্য। কাৰণ, ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ২.২০ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৬.৬১ ডলাৰ হৈছে। আনহাতে, ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ১.৪৫ শতাংশ বৃদ্ধি পাই ৯৩.৭৫ ডলাৰ হৈছে।

দৰাচলতে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা আলোচনাক লৈ অনিশ্চয়তা চলি আছে। লগতে হৰমুজ জলদ্বীপত অৱৰোধ। যাৰ বাবে তেলৰ দাম বৃদ্ধি পাইছে। আৰু তাৰ ফলত পৰিছে ভাৰতীয় ষ্টক মাৰ্কেট।

জিঅ’জিট ইনভেষ্টমেণ্টছ লিমিটেডৰ মুখ্য বিনিয়োগ কৌশলী ড০ ভি কে বিজয়কুমাৰে কয় যে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৬ ডলাৰ আৰু আমেৰিকাৰ ১০ বছৰৰ বণ্ড ইল্ড ৫.২ শতাংশ বজাৰৰ বাবে এক ডাঙৰ বাধা হৈ পৰিছে।

তেওঁ কয়, ‘জুলাই আৰু আগষ্ট মাহত বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ ক্ৰয় কৰিছিল। কিন্তু ছেপ্টেম্বৰ মাহত তেওঁলোকে পুনৰ বিক্ৰী আৰম্ভ কৰিলে। এই পৰিস্থিতিয়ে বজাৰত খুব কম সময়ৰ বাবে হেঁচা বজাই ৰাখিব।’

ফাইনেন্সিয়েল কোম্পানীৰ শ্বেয়াৰত পুনৰ আঘাত

সোমবাৰে বিত্তীয় কোম্পানীৰ শ্বেয়াৰত ডাঙৰ আঘাত পৰিছে। যোৱা সপ্তাহৰ দুৰ্বলতাৰ পিছত আজিও এই খণ্ডৰ শ্বেয়াৰৰ ওপৰত বিক্ৰীৰ চাপ দেখা গৈছে।

আজিৰ দিনটোত বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ১.৫৯ শতাংশ, কোটক মহিন্দ্ৰা বেংকৰ ১.৩৮ শতাংশ, এইচ ডি এফ চি বেংকৰ ১.৩৭ শতাংশ, বাজাজ ফিনচার্ভৰ ১.১৯ শতাংশ আৰু আই চি আই চি আই বেংকৰ শ্বেয়াৰ ০.৯৩ শতাংশ হ্ৰাস পায়।

নিফটি ফাইনেন্সিয়েল চাৰ্ভিচেছ ২৫/৫০ সূচকাংক ১.০৮ শতাংশ হ্ৰাস পাইছে। নিফটি প্ৰাইভেট বেংকৰ সূচকাংক ১.১৪ শতাংশ হ্ৰাস পাইছে। ফাইনেন্সিয়েল চাৰ্ভিচেছ এক্স-বেংক ইনডেক্স ১.১১ শতাংশ আৰু নিফ্টি মিডছমল ফাইনেন্সিয়েল চাৰ্ভিচেছ ইনডেক্স ১.১৩ শতাংশ হ্ৰাস পাইছে।

ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই বীমা আয়োগৰ গাঁথনিত পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়াৰ পিছত বিগত সপ্তাহৰ পৰা বিত্তীয় কোম্পানীৰ শ্বেয়াৰত চাপ সৃষ্টি হৈছিল।

বিদেশী বিনিয়োগকাৰীয়ে পুনৰ বিক্ৰী আৰম্ভ কৰিছে

২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এতিয়ালৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী বা এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা প্ৰায় ১৯,০০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। এই বছৰ তেওঁলোকৰ মুঠ বিক্ৰী ইতিমধ্যে ২.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে।

জুলাই আৰু আগষ্ট মাহত এফপিআইয়ে ‘ক্ৰয়’ কৰিছিল। কিন্তু এতিয়া তেওঁলোকে পুনৰ বিক্ৰী কৰিছে। ফলত শ্বেয়াৰ মাৰ্কেট হ্ৰাস পাইছে।

এই ক্ষেত্ৰত নিফ্টি স্মলকেপ ১০০ ১.০৮ শতাংশ হ্ৰাস পাইছে। নিফটি মিডকেপ ১০০ ১.০১ শতাংশ আৰু নিফটি মিডকেপ ৫০ ০.৯৮ শতাংশ হ্ৰাস পাইছে।

বিভিন্ন খণ্ডৰ ভিতৰত মেটাল ১.৩৩ শতাংশ, ৰিয়েলটি ১.৩০ শতাংশ, পি এছ ইউ বেংক ১.২৬ শতাংশ, প্ৰাইভেট বেংক ১.১৪ শতাংশ, ফাইনেন্সিয়েল চাৰ্ভিচেছ এক্স-বেংক ১.১১ শতাংশ আৰু এফ এম চি জি ১.০৬ শতাংশ হ্ৰাস পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Allah Miyan’s Workshop : এটি আলোচনা

Allah Miyan’s Workshop : এটি আলোচনা

October 19, 2026 12:53 pm
বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

বিচাৰকক ভাবুকি! ‘ককৰোচ জনতা পাৰ্টি’ৰ নেতাৰ জামিনক লৈ বিতৰ্ক, দিল্লী আৰক্ষীৰ বিৰুদ্ধে শুনানি পিছুৱাই দিয়াৰ অভিযোগ

October 19, 2026 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd