সপ্তাহৰ প্ৰথম দিনটোতে শ্বেয়াৰ বজাৰত প্ৰলয়। চেন্সেক্স আৰু নিফ্টী হোৰহোৰাই পৰি আছে। আজিৰ দিনটোতে চেন্সেক্স প্ৰায় ৯০০ পইণ্ট হ্ৰাস পাইছে আৰু নিফটি ২৩ হাজাৰৰ তললৈ নামি আহে। বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ মূল্য বৃদ্ধি, বিত্তীয় কোম্পানীসমূহৰ ষ্টক দুৰ্বলতা আৰু বিদেশী বিনিয়োগকাৰীয়ে নতুনকৈ শ্বেয়াৰ বিক্ৰী কৰাৰ বাবে বজাৰখন অস্থিৰ হৈ পৰিছে।
হিচাপ অনুসৰি দিনটোৰ আৰম্ভণিতে বিএছইৰ মুঠ বজাৰ মূলধন আছিল প্ৰায় ৪৮৩.২৫ লাখ কোটি টকা। ৰাতিপুৱা প্ৰায় ৪৭৭.০৮ লাখ কোটিলৈ হ্ৰাস পায়। অৰ্থাৎ বজাৰৰ পৰা ৬.১৭ লাখ কোটি টকা অন্তৰ্ধান হৈ গ’ল।
আজিৰ দিনটোত পুৱা ১০ বজালৈকে চেন্সেক্স ৮৮৩ পইণ্ট হ্ৰাস পাই ৭৩,০১৫.২২ পইণ্টত থিয় দিছিল। আনহাতে, নিফটি ৫০ ২৭২.৪৫ পইণ্ট হ্ৰাস পাই ২২,৮৬৪.৮০ পইণ্টত উপনীত হয়। ফলত বিনিয়োগকাৰীৰ অৱস্থা অত্যন্ত বেয়া। বিশেষজ্ঞসকলৰ মতে এই বজাৰ পতনৰ আঁৰত ৩টা কাৰণ আছে।
খাৰুৱা তেলৰ মূল্য ১০৬ ডলাৰ অতিক্ৰম কৰিলে
এই মুহূৰ্তত ভাৰতীয় শ্বেয়াৰ বজাৰৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে খাৰুৱা তেলৰ মূল্য। কাৰণ, ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ২.২০ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৬.৬১ ডলাৰ হৈছে। আনহাতে, ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ১.৪৫ শতাংশ বৃদ্ধি পাই ৯৩.৭৫ ডলাৰ হৈছে।
দৰাচলতে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা আলোচনাক লৈ অনিশ্চয়তা চলি আছে। লগতে হৰমুজ জলদ্বীপত অৱৰোধ। যাৰ বাবে তেলৰ দাম বৃদ্ধি পাইছে। আৰু তাৰ ফলত পৰিছে ভাৰতীয় ষ্টক মাৰ্কেট।
জিঅ’জিট ইনভেষ্টমেণ্টছ লিমিটেডৰ মুখ্য বিনিয়োগ কৌশলী ড০ ভি কে বিজয়কুমাৰে কয় যে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৬ ডলাৰ আৰু আমেৰিকাৰ ১০ বছৰৰ বণ্ড ইল্ড ৫.২ শতাংশ বজাৰৰ বাবে এক ডাঙৰ বাধা হৈ পৰিছে।
তেওঁ কয়, ‘জুলাই আৰু আগষ্ট মাহত বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ ক্ৰয় কৰিছিল। কিন্তু ছেপ্টেম্বৰ মাহত তেওঁলোকে পুনৰ বিক্ৰী আৰম্ভ কৰিলে। এই পৰিস্থিতিয়ে বজাৰত খুব কম সময়ৰ বাবে হেঁচা বজাই ৰাখিব।’
ফাইনেন্সিয়েল কোম্পানীৰ শ্বেয়াৰত পুনৰ আঘাত
সোমবাৰে বিত্তীয় কোম্পানীৰ শ্বেয়াৰত ডাঙৰ আঘাত পৰিছে। যোৱা সপ্তাহৰ দুৰ্বলতাৰ পিছত আজিও এই খণ্ডৰ শ্বেয়াৰৰ ওপৰত বিক্ৰীৰ চাপ দেখা গৈছে।
আজিৰ দিনটোত বাজাজ ফাইনেন্সৰ শ্বেয়াৰ ১.৫৯ শতাংশ, কোটক মহিন্দ্ৰা বেংকৰ ১.৩৮ শতাংশ, এইচ ডি এফ চি বেংকৰ ১.৩৭ শতাংশ, বাজাজ ফিনচার্ভৰ ১.১৯ শতাংশ আৰু আই চি আই চি আই বেংকৰ শ্বেয়াৰ ০.৯৩ শতাংশ হ্ৰাস পায়।
নিফটি ফাইনেন্সিয়েল চাৰ্ভিচেছ ২৫/৫০ সূচকাংক ১.০৮ শতাংশ হ্ৰাস পাইছে। নিফটি প্ৰাইভেট বেংকৰ সূচকাংক ১.১৪ শতাংশ হ্ৰাস পাইছে। ফাইনেন্সিয়েল চাৰ্ভিচেছ এক্স-বেংক ইনডেক্স ১.১১ শতাংশ আৰু নিফ্টি মিডছমল ফাইনেন্সিয়েল চাৰ্ভিচেছ ইনডেক্স ১.১৩ শতাংশ হ্ৰাস পাইছে।
ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই বীমা আয়োগৰ গাঁথনিত পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়াৰ পিছত বিগত সপ্তাহৰ পৰা বিত্তীয় কোম্পানীৰ শ্বেয়াৰত চাপ সৃষ্টি হৈছিল।
বিদেশী বিনিয়োগকাৰীয়ে পুনৰ বিক্ৰী আৰম্ভ কৰিছে
২০২৬ চনৰ ছেপ্টেম্বৰ মাহত এতিয়ালৈকে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী বা এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা প্ৰায় ১৯,০০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰিছে। এই বছৰ তেওঁলোকৰ মুঠ বিক্ৰী ইতিমধ্যে ২.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে।
জুলাই আৰু আগষ্ট মাহত এফপিআইয়ে ‘ক্ৰয়’ কৰিছিল। কিন্তু এতিয়া তেওঁলোকে পুনৰ বিক্ৰী কৰিছে। ফলত শ্বেয়াৰ মাৰ্কেট হ্ৰাস পাইছে।
এই ক্ষেত্ৰত নিফ্টি স্মলকেপ ১০০ ১.০৮ শতাংশ হ্ৰাস পাইছে। নিফটি মিডকেপ ১০০ ১.০১ শতাংশ আৰু নিফটি মিডকেপ ৫০ ০.৯৮ শতাংশ হ্ৰাস পাইছে।
বিভিন্ন খণ্ডৰ ভিতৰত মেটাল ১.৩৩ শতাংশ, ৰিয়েলটি ১.৩০ শতাংশ, পি এছ ইউ বেংক ১.২৬ শতাংশ, প্ৰাইভেট বেংক ১.১৪ শতাংশ, ফাইনেন্সিয়েল চাৰ্ভিচেছ এক্স-বেংক ১.১১ শতাংশ আৰু এফ এম চি জি ১.০৬ শতাংশ হ্ৰাস পাইছে।





