উচ্চ শিক্ষাৰ বাবে জাৰ্মানীলৈ গৈছিল। মেগডেবাৰ্গৰ এটা এপাৰ্টমেণ্টত আছিল। নৱবৰ্ষৰ পাৰ্টিৰ সময়ত তাত সংঘটিত অগ্নিকাণ্ডত ঋত্বিক ৰেড্ডী (২৫) নামৰ এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
হৃতিকৰ মৃতদেহ ঘূৰাই অনাৰ বাবে তেওঁৰ পৰিয়ালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে। মেগডেবাৰ্গ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
হৃতিক তেলেংগানাৰ জংগাওঁ জিলাৰ মলকাপুৰ গাঁৱৰ বাসিন্দা। ২০২২ চনত ভগদেৱী মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ পিছৰ বছৰ অৰ্থাৎ ২০২৩ চনত উচ্চ শিক্ষাৰ বাবে জাৰ্মানীৰ মেগডেবাৰ্গলৈ গুচি যায়। তেওঁ ইউনিভাৰ্ছিটি অফ ইউৰোপত স্নাতকোত্তৰ ডিগ্ৰী কৰি আছিল। তেওঁ মেগডেবাৰ্গৰ এটা ফ্লেটত ভাড়াত বাস কৰিছিল।
বুধবাৰে নিশা ফ্লেটটোত নতুন বছৰৰ পাৰ্টি চলি আছিল। সেই সময়ত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। গোটেই ফ্লেটটো ক’লা ধোঁৱাই আৱৰি ধৰিছিল। জুই আৰু ধোঁৱাৰ পৰা ৰক্ষা পাবলৈ হৃতিকে আৱাসগৃহৰ ওপৰৰ মহলাৰ পৰা জপিয়াই পৰিল। মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাতে তাতেই মৃত্যু হয় হৃতিকৰ।
অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মেগডেবাৰ্গ আৰক্ষীয়ে। অৱশ্যে জুই কেনেদৰে আৰম্ভ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। হৃতিকৰ মৃতদেহ দেশলৈ ঘূৰাই অনাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাষ চাপিছে পৰিয়াল আৰু বন্ধুসকলে। জাৰ্মানীত থকা ভাৰতীয় দূতাবাসৰ সৈতেও যোগাযোগ কৰিছে। খবৰ অনুসৰি হৃতিকৰ শেষকৃত্য তেলেংগানাত কৰা হ’ব।
যোৱা মাহত আমেৰিকাত তেলেংগানাৰ বাসিন্দা সাহজা ৰেড্ডী উডুমালা (২৪) নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল। তেওঁ নিউয়ৰ্কৰ আলবানীত বাস কৰিছিল। প্ৰাথমিক তথ্য অনুসৰি তেওঁৰ কাষৰ এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰচণ্ড বতাহৰ ফলত সাহজাৰ ঘৰতো জুই বিয়পি পৰে। জুই লগাৰ সময়ত তেওঁ শুই আছিল। তেওঁ ওলাই আহিব নোৱাৰিলে। অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যু হয়।





