ইউক্ৰেইনৰ ৰাজধানীত গুলীবিদ্ধ ভাৰতীয় ছাত্ৰ: চিকিৎসালয়ত ভৰ্তি

Russia-Ukraine war

যুদ্ধবিধস্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত এজন ভাৰতীয় ছাত্ৰ গুলীবিদ্ধ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে।

মন্ত্ৰীজনে জনোৱা অনুসৰি আঘাতপ্ৰাপ্ত ছাত্ৰজন কিয়েভৰ পৰা স্থানান্তৰিত হ’বলৈ চেষ্টা কৰিছিল আৰু এনে সময়তে গুলীচালনাত আহত হয়।

আহত ছাত্ৰজনক ইতিমধ্যে চহৰলৈ ঘূৰাই নিয়া হৈছে আৰু চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

“আমি খবৰ লাভ কৰিছো যে কিয়েভ এৰি যোৱা এজন শিক্ষাৰ্থী গুলীবিদ্ধ হৈছিল। তেওঁক কিয়েভলৈ ঘূৰাই নিয়া হৈছে আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।” জেনেৰেল ভি কে সিঙে সংবাদ মাধ্যমৰ আগত কয়।

যুদ্ধপীড়িত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ তদাৰক কৰিবলৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ বিশেষ দূত হিচাপে প্ৰেৰণ কৰা চাৰিজন মন্ত্ৰীৰ ভিতৰত জেনেৰেল সিং অন্যতম।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি কমেও ১৭০০ ছাত্ৰই এতিয়াও যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা স্থানান্তৰিত হ’বলৈ অপেক্ষা কৰি আছে।

আনহাতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি প্ৰায় ১৭,০০০ ভাৰতীয় নাগৰিকে বৰ্তমানলৈকে ইউক্ৰেইন ত্যাগ কৰিছে।

প্ৰায় ৬,০০০ নাগৰিক দেশলৈ ঘূৰি আহিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে।

উল্লেখ্য যে ইতিমধ্যে ইউক্ৰেইনৰ যুদ্ধৰ দাবানলৰ মাজত দুজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে।