যোৱা ২৯ অক্টোবৰত আমেৰিকাৰ ইণ্ডিয়ানা প্ৰদেশৰ এক ফিটনেছ চেণ্টাৰত প্ৰাণনাশী আক্ৰমণৰ চিকাৰ হোৱা এগৰাকী ২৪ বৰ্ষীয় ভাৰতীয় ছাত্ৰই বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়।
এগৰাকী যুৱকে অতি নৃশংসভাৱে ছুৰীৰে কৰা আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ভাৰতীয় ছাত্ৰগৰাকীয়ে যোৱা প্ৰায় দহদিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিয়াৰ পিছত কালি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে।
নিহত ছাত্ৰগৰাকীৰ নাম বৰুণ ৰাজ পুচা বুলি জানিব পৰা গৈছে। ভালপাৰাইছ’ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ আছিল বৰুণ। তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা বৰুণে ২০২২ চনৰ আগষ্ট মাহত অধ্যয়নৰ বাবে আমেৰিকালৈ গৈছিল।
উল্লেখ্য যে, ভালপাৰাইছ’ৰ এটা ৰাজহুৱা জিমত যোৱা ২৯ অক্টোবৰত জৰ্ডান এণ্ড্ৰাড নামৰ এজন লোকে ছুৰীৰে আঘাত কৰিছিল বৰুণক।অভিযুক্ত এণ্ড্ৰাডৰ ভাষ্য মতে, বৰুণৰ আচৰণত তেওঁ অস্বাভাৱিকতা প্ৰত্যক্ষ কৰিছিল।
বৰুণৰ পৰা সম্ভাৱ্য ভাবুকিৰ আশংকা কৰিয়েই তেওঁ বৰুণক আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছিল আক্ৰমণকাৰী যুৱকজনে। এনে ভয়াৱহ আক্ৰমণৰ পিছতে আক্ৰমণকাৰী এণ্ড্ৰাডক গ্ৰেপ্তাৰ কৰা হৈছিল।
আনহাতে সংকটজনক অৱস্থাত ফ’ৰ্ট ৱেইনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বৰুণক। অৱশেষত চিকিৎসাধীন অৱস্থাতে কালি ভাৰতীয় ছাত্ৰগৰাকীৰ মৃত্যু ঘটে।
ইফালে কালি বৰুণৰ মৃত্যুৰ পিছতে ভালপাৰাইছ’ বিশ্ববিদ্যালয়ে এক বিবৃতি যোগে শোক প্ৰকাশ কৰে। বৰুণৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জনাই বিশ্ববিদ্যালয়খনে অহা ১৬ নৱেম্বৰত কেম্পাছত বৰুণৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব বুলি সদৰী কৰে।