অষ্ট্ৰেলিয়াত ভাৰতীয় ছাত্ৰক নৃশংসভাৱে হত্যা; হাৰিয়ানাৰ দুই যুৱকক গ্ৰেপ্তাৰ অষ্ট্ৰেলিয়ান আৰক্ষীৰ

অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছত মেলবৰ্ণত ভাৰতীয় ছাত্ৰক ছুৰীৰে আঘাত কৰাৰ গোচৰত বিচাৰি থকা হাৰিয়ানাৰ কৰ্ণালৰ দুই ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে। কৰ্ণালৰ মৃত ছাত্ৰজনে অষ্ট্ৰেলিয়াত এমটেক ডিগ্ৰী গ্ৰহণ কৰি আছিল।ভিক্টোৰিয়া আৰক্ষীয়ে হত্যাকাণ্ডৰ তালাচী চলাই মঙলবাৰে পুৱা গ’লবাৰ্নত অভিজিত (২৬) আৰু ৰবিন গাৰ্টন (২৭)ক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: জেপি নড্ডা,অমিত মালব্যক বেংগালুৰু আৰক্ষীৰ চমন জাৰি; ৭ দিনৰ ভিতৰত উপস্থিত হোৱাৰ নিৰ্দেশ

বুধবাৰে স্থানীয় গ’লবাৰ্ন আদালতত হ’বলগীয়া আদালতৰ শুনানিৰ বাবে অভিযুক্তক গ’লবাৰ্নলৈ লৈ যোৱা হয়। কৰ্ণালৰ বাস্তাৰা গাঁৱৰ বাসিন্দা এই ভাতৃদ্বয়ক পুনৰ ভিক্টোৰিয়ালৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে বুলি দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰিছে।

লগতে পঢ়ক: কৰ্ণাটকৰ বিধায়ক এইচ ডি ৰেভান্নাক ৬ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

মেলবৰ্ণৰ দক্ষিণ-পূব অঞ্চলৰ অৰমণ্ডৰ এটা ঘৰত ২২ বছৰীয়া নৱজীত সন্ধুৰ মৃত্যু আৰু ৩০ বছৰীয়া শৰভান কুমাৰৰ আঘাত পোৱাৰ পাছত দেওবাৰৰ পৰা দুয়োজন ভাতৃয়ে পলায়ন কৰি আছিল৷

লগতে পঢ়ক: মণিপুৰত ধৰা পৰিছে ৫,৪৫৭গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীঃ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সদৰী কৰিলে তথ্য

২০২২ চনৰ নৱেম্বৰ মাহত ষ্টাডি ভিছাৰে অষ্ট্ৰেলিয়াত উপস্থিত হোৱা নৱজীতে মেলবৰ্ণত এমটেক ডিগ্ৰী লৈ আছিল।প্ৰতিবেদন অনুসৰি অভিযুক্তদুজনেও মেলবৰ্ণতো বাস কৰিছিল।

লগতে পঢ়ক:  এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত কৰ্মচাৰীৰ সংকট!৩০০ কেবিন ক্ৰুৰ ছুটী,৮০ খন বিমান বাতিল,বিপদত যাত্ৰী