বিদেশত মেডিকেল পঢ়িবলৈ গৈ মাৰাত্মক বিপদত ভাৰতীয় শিক্ষাৰ্থী; সতৰ্ক কৰি দিলে বিদেশ মন্ত্ৰালয়ে

মধ্য এছিয়াৰ দেশ কিৰ্গিস্তানত চিকিৎসা বিজ্ঞান অধ্যয়নৰ ভাৰতীয় আৰু পাকিস্তানী শিক্ষাৰ্থীয়ে চৰম সমস্যাত পৰিছে। সেই দেশত বিদেশী শিক্ষাৰ্থীক লক্ষ্য কৰি লোৱা হৈছে বুলিও জনা গৈছে। কেইবাটাও সংবাদ মাধ্যমে পাকিস্তানী শিক্ষাৰ্থীক আক্ৰমণত কেইবাজনো ছাত্ৰ আহত হোৱা বুলি দাবী কৰিছে।

অৱশ্যে দূতাবাসৰ মতে, এই ঘটনাত কোনো পাকিস্তানী শিক্ষাৰ্থী আহত হোৱা নাই। স্থানীয় লোকেও আন পাকিস্তানী শিক্ষাৰ্থীকো লক্ষ্য কৰি লৈছে। যিহেতু ভাৰতীয় আৰু পাকিস্তানী শিক্ষাৰ্থীৰ মাজত বিশেষ পাৰ্থক্য নাই, সেয়েহে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় শিক্ষাৰ্থীৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কিৰ্গিস্তানত বসবাস কৰা ভাৰতীয় শিক্ষাৰ্থীসকলক তেওঁলোকৰ হোষ্টেল বা চৌহদৰ বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।

কিৰ্গিস্তানত পাকিস্তানী শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দাবী কৰা হৈছে যে ইজিপ্ত আৰু আৰবৰ শিক্ষাৰ্থীৰ একাংশই স্থানীয় লোকৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই ঘটনাৰ বাবে পাকিস্তানী শিক্ষাৰ্থী দায়ী বুলি দাবী কৰা হৈছে। ইয়াৰ পিছত স্থানীয় লোকে পাকিস্তানী শিক্ষাৰ্থীক আক্ৰমণ কৰে।

একাধিক সংবাদ মাধ্যমেও দাবী কৰিছে যে এই আক্ৰমণত তিনিজন পাকিস্তানী ছাত্ৰ আহত হৈছে। স্থানীয় লোকে হোষ্টেলত আক্ৰমণ কৰা বুলিও জনা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই আক্ৰমণ সংঘটিত হোৱা হোষ্টেলত বহু ভাৰতীয় আৰু বাংলাদেশী শিক্ষাৰ্থীও থাকে।

এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰিছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লিখিছে, ‘আমি ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে যোগাযোগত আছো। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও শিক্ষাৰ্থীসকলক কেম্পাছৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। কিবা সমস্যা হ’লে দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ছ’চিয়েল মিডিয়াত কিৰ্গিস্তানৰ পৰিস্থিতিৰ বিষয়ে পোষ্ট কৰে। ইয়াত তেওঁ লিখিছে, ‘আমি বিষ্কেকেৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছো যাতে ভাৰতীয় শিক্ষাৰ্থীসকল সুৰক্ষিত হয়। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে ভাৰতীয় শিক্ষাৰ্থীসকলক আপাততঃ ঘৰৰ ভিতৰতে থাকিবলৈ আৰু দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

পাকিস্তানৰ দূতাবাসৰ মতে, ” যোৱা ১৩ মে’ত কিৰ্গিজ আৰু ইজিপ্তৰ শিক্ষাৰ্থীৰ মাজত কাজিয়া হৈছিল। তাৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ পৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও এই পৰিস্থিতিক লৈ ‘গভীৰ উদ্বেগ’ প্ৰকাশ কৰি কয় যে, ‘পাকিস্তানৰ ৰাষ্ট্ৰদূতক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। মই নিজেই দূতাবাসৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছো।”