NORTHEAST NOW (Assamese)

একেলগে সুৰত সুৰ মিলালে ভাৰতীয় দলটোৱে – গালে ‘सुनो गौर से दुनियावालों’ আৰু ভিডিঅ’ হৈ পৰিল ভাইৰেল

June 24, 2019 3:54 pm · এন ই নাও নিউজ
ফটো উৎস : টুইটাৰ হকী ইণ্ডিয়া

বৰ্তমান গোটেই বিশ্ব ক্ৰিকেট জ্বৰত ভূগি আছে। ক্ৰিকেটৰ প্ৰতি মোহান্বিত হৈ থকাৰ মাজতে ভাৰতীয় মহিলা হকী দলটোৱে একেলগে সুৰত সুৰ মিলাই গোৱা এটা গানৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

গানটোৰ ভিডিঅ’টোত ভাৰতীয় মহিলা হকী দলৰ সকলো খেলুৱৈয়ে নতুন উদ্যম তথা উৎসাহেৰে একেলগে সুৰ মিলাই ‘सुनों गौर से दुनियावालों’ গানটো গোৱা দেখা গৈছে।

ভাৰতীয় মহিলা হকী দলটোত উত্তৰ-পূৰ্বাঞ্চলৰো কেইবাগৰাকীও খেলুৱৈ আছে। তেওঁলোকেও এই গানটোত একেলগে সুৰ মিলাইছে।

উক্ত ভিডিঅ’টো পোণ প্ৰথম হকী ইণ্ডিয়াৰ নিজৰ অফিচিয়েল একাউন্টৰ পৰা শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত মহিলা দলটোৱে-‘हमने कहा है जो, तुम भी कहो…’ গানটোত নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টোৱে এতিয়ালৈকে ১০ লাখতকৈয়ো অধিক লোকে চাইছে।

প্ৰকৃততে, ভাৰতীয় মহিলা হকী দলটোৱে দেওবাৰে জাপানক ৩-১গলৰ ব্যৱধানত পৰাস্ত কৰি এফ আইএছ মহিলা চিৰিজ প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী হয়। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শনিবাৰে চিলিক ৪-২ ব্যৱধানত পৰাস্ত কৰাৰ লগে লগেই ভাৰতে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে।

খেলত বিজয়ী হৈ ভাৰতীয় দলটো উভতি অহাৰ পৰত বাছতে দলটোৱে বিজয়ৰ আনন্দত আত্মহাৰা হৈ পৰিছিল। ভাৰতীয় মহিলা হকী দলটোক দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

Related News