• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধান মন্ত্ৰীৰ জন্মদিনত ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’ পালন কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2021 4:18 pm
IYC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত শুকুৰবাৰে গোটেই দেশজুৰি ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’ পালন কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছে।

যুৱ কংগ্ৰেছৰ মতে,মোদীৰ শাসন কালত দেশত নিবনুৱাৰ সংখ্যা ২.৪ শতাংশৰ পৰা ১০.৩ শতাংশলৈ বৃদ্ধি পাইছে।

Apply Now

১৭ চেপ্টেম্বৰত ভাৰতীয় যুৱ কংগ্ৰেছে দেশৰ ৰাজধানী চহৰ দিল্লীত সংগঠনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভাইয়া পাৱাৰ আৰু সংগঠনৰ দিল্লী ৰাজ্য প্ৰভাৰী খুচবু শৰ্মাৰ নেতৃত্বত বিৰোধ প্ৰদৰ্শন কৰে।

দিল্লীৰ ৰাজপথত সংগঠনটোৰ সদস্যই হাতে-হাতে প্লে’কাৰ্ড লৈ সমদল উলিওৱা দেখা গ’ল,য’ত লিখা আছিল “মোদী চৰকাৰ আহিলে,নিবনুৱা আনিলে।”

লগতে সংগঠনটোৱে চাকৰিৰ দাবীত প্ৰতিবাদ জনাই প্ৰায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ এখন বেনাৰো কঢ়িয়াই নিয়া দেখা যায়।

উল্লেখ্য যে,প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰত দেশৰ দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু কাৰ্যক্ষেত্ৰত সেইয়া বাস্তৱ হৈ নুঠিল।

“নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱচামক ঠগিলে বুলি আজি আমি অনুভৱ কৰোঁ”- প্ৰতিবাদত ভাগ লৈ এজন যুৱকে এইদৰে মন্তব্য কৰে।

উত্তৰাখণ্ডটো সংগঠনটোৰ সদস্যসকলক নিবনুৱা দিৱস পালনৰ নামত ‘পকৰী’ বনাই প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়।

সেইদৰে মধ্য প্ৰদেশতো যুৱ কংগ্ৰেছৰ সদস্যসকলে নিজে লাভ কৰা বিভিন্ন আনুষ্ঠানিক ডিগ্ৰীৰে এখন চাহ দোকান সাজি সমদল কৰে ।

যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিয়ে কয় যে, দেশত আজি নিবনুৱাৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাইছে। মোদী চৰকাৰে দেশত প্ৰতি বছৰে ২ কোটিকৈ নিবনুৱাক কৰ্মসংস্থান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া চৰকাৰ কৰ্মসংস্থাপনৰ বিষয়টোত সম্পূৰ্ণ নিমাত।

তেওঁ লগতে কয় যে,দেশত আজি ৰাস্তাই ৰাস্তাই নিবনুৱা ঘূৰি ফুৰিছে। কিন্তু এইসকলৰ বাবে চৰকাৰৰ কোনো কৰণীয় নাই। চৰকাৰে মাথোঁ নিজৰ ভুৱা সফলতা প্ৰচাৰ কৰাত ব্যস্ত।

ইফালে যুৱ কংগ্ৰেছে দেশৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন কৰি প্ৰতিবাদ কৰাৰ সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদীক ৭১ তম জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd