ভাৰতীয়সকলে গোটেই জীৱনৰ পঢ়াশুনাৰ তুলনাত দুগুণ খৰচ কৰে বিবাহত; সমীক্ষাত প্ৰকাশ পাইছে তথ্য

প্ৰতিনিধিত্বমূলক ফটো।

বিবাহ মানেই এক বিশাল আয়োজন। বিশেষকৈ ভাৰতীয়সকলৰ বিবাহত বহু আগৰে পৰাই আৰম্ভ হয় প্ৰস্তুতি। দৰা-কইনাৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি অতিথি আপ্যায়নলৈকে বিয়াৰ পৰিকল্পনা সকলো খৰচৰ ওপৰত নিৰ্ভৰশীল। সকলোৱে যিমান পাৰে কম-বেছি পৰিমাণে ধুমধামেৰে বিয়াখন আয়োজন কৰিবলৈ চেষ্টা কৰে।

কিন্তু আপুনি জানেনে যে ভাৰতীয়সকলে বিবাহৰ বাবে যিমান টকা খৰচ কৰে, সেই ধন তেওঁলোকৰ গোটেই জীৱনৰ শিক্ষাৰ খৰচৰ প্ৰায় দুগুণ! অলপ আচৰিত যেন লাগিলেও শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত এনে তথ্য পোহৰলৈ আহিছে।

গ্লোবেল ইনভেষ্টমেণ্ট ফাৰ্ম জেফাৰিজওয়ে এই বিষয়ত এক সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ প্ৰতিবেদন মতে ভাৰতত বিয়াক কেন্দ্ৰ কৰি ১৩০ বিলিয়ন ডলাৰৰ অৰ্থাৎ ১০ লাখ কোটি বজাৰ আছে, যিটো আমেৰিকাৰ বিবাহৰ বজাৰৰ প্ৰায় দুগুণ।

লগতে পঢ়কঃ হিন্দুত্বৰ অস্ত্ৰৰেই সংসদত বিজেপিক বিদ্ধ কৰিলে ৰাহুল গান্ধীয়ে! অধ্যক্ষকো নিদিলে ৰেহাই

প্ৰতিবেদন অনুসৰি, ভাৰতীয়সকলে এখন বিয়াত গড়ে ১২.৫ লাখ টকা খৰচ কৰে। সেইটো দম্পতীৰ প্ৰাক বিদ্যালয়ৰ পৰা স্নাতকলৈকে শিক্ষাৰ খৰচৰ প্ৰায় দুগুণ। অৰ্থাৎ ভাৰতীয় দম্পতীয়ে প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে শিক্ষা সমাপ্ত কৰিবলৈ যিমান টকা খৰচ কৰে, তাৰ তুলনাত অকল বিবাহৰ বাবে দুগুণ টকা খৰচ কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ জনমূৰি আয় আঢ়ৈ  লাখ টকা। অৰ্থাৎ জনমূৰি আয়ৰ পাঁচ গুণ এখন বিয়াত ব্যয় কৰা হয়।

অৱশ্যে ভাৰতত বেছিভাগ সময়তে ধনীসকলেহে অতি আড়ম্বৰেৰে বিয়া পাতে। বিলাসবহুল বিয়াবোৰত গড়ে ২০ লাখৰ পৰা ৩০ লাখ টকা খৰচ হয়। ইয়াৰ ভিতৰত বিয়াৰ বিলাসী বিয়াৰ স্থান, একাধিক অনুষ্ঠান, বিলাসী অতিথিৰ থকাৰ ব্যৱস্থা, কেটাৰিং, বিয়াৰ সজ্জা, মনোৰঞ্জনৰ খৰচ আদি অন্তৰ্ভুক্ত। অৱশ্যে বিয়াৰ গহনা, কাপোৰ-কানি আৰু যাতায়তৰ খৰচ ধৰিলে অংকটো আৰু বেছি।

লগতে পঢ়কঃ বানত বিপৰ্যস্ত অসম! ৰাজ্যত ৪৪ জন লোকৰ মৃত্যু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে পানী

এই সমীক্ষাটোত এইটোও পোৱা গৈছে যে বিয়াৰ মুঠ খৰচৰ ২০ শতাংশ কেটাৰিঙৰ বাবে আৰু ১৫ শতাংশ বিভিন্ন অনুষ্ঠানত ব্যয় কৰা হয়। ভাৰতত বিক্ৰী হোৱা সকলো গহনাৰে আধাতকৈও অধিক কইনাৰ গহনা। বিয়াত কাপোৰত ১০ শতাংশতকৈও অধিক খৰচ হয়।