বিশ্বৰ পৰ্য্যটন মানচিত্ৰত শীৰ্ষত থকা ভাৰতৰ চুবুৰীয়া দেশ ভুটানৰ নতুন পৰ্য্যটন নীতিয়ে অসুবিধাত পেলাব পাৰে ভাৰতীয়সকলক।
বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্য্যটকৰ লগতে প্ৰতি বছৰে লক্ষাধিক ভাৰতীয়ই ভুটান ভ্ৰমণ কৰে ইয়াৰ মনোৰম নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবৰ বাবে।
কিন্তু শেহতীয়াকৈ পাহাৰীয়া দেশখনে ইয়াৰ পৰ্য্যটন নীতিত ব্যাপক সালসলনি কৰি এখন খচৰা প্ৰস্তুত কৰিছে, য’ত প্ৰতিজন পৰ্য্যটকৰ পৰাই দৈনিক Sustainable Development Fee (এছ ডি এফ বা বহনক্ষম উন্নয়ন কৰ) লোৱা হ’ব।
পূৰ্বে কেৱল আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ পৰাহে এছ ডি এফ লোৱা হৈছিল। প্ৰতিজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ এছ ডি এফ প্ৰায় ৬৫ ডলাৰ অৰ্থাৎ প্ৰায় ৫ হাজাৰ টকা আছিল, যিটো এই নতুন খচৰাত বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে।
তাৰ বিপৰীতে আঞ্চলিক পৰ্য্যটক, অৰ্থাৎ ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰা যোৱা ভ্ৰমণকাৰীয়ে এছ ডি এফ দিব লগীয়া নহৈছিল।
কি্ন্তু টুৰিজম কাউন্সিল অব ভুটানে প্ৰস্তুত কৰি থকা এই নতুন নীতি কাৰ্য্যকৰী হ’লে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটকৰ লগতে ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ পৰ্য্যটকেও এছ ডি এফ দিব লগীয়া হ’ব বুলি ইতিমধ্যে টুৰিজম কাউন্সিল অব ভুটানৰ অধ্যক্ষ তথা বিদেশ মন্ত্ৰী ড০ তন্দী দৰ্জীয়ে স্পষ্ট কৰি দিছে। অৱশ্যে এছ ডি এফৰ পৰিমাণ এতিয়াও চূড়ান্ত হোৱা নাই।
লগতে পঢ়ক পৰ্য্যটনৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ দহখন দেশৰ ভিতৰত শীৰ্ষত ভুটান
তাৰ উপৰি আঞ্চলিক পৰ্য্যটকসকলে পাৰ্মিট প্ৰচেছিং ফীও দিব লাগিব। তেওঁলোকে গাইড লোৱাটো বাধ্যতামূলক কৰা হ’ব। ভুটানত প্ৰৱেশৰ বাবে ই-পাৰ্মিট লোৱাও বাধ্যতামূলক কৰা হৈছে নতুন নীতিত। জানিব পৰা মতে, এছ ডি এফ দিয়াৰ পিছত প্ৰতিখন ঠাইত প্ৰৱেশ কৰোঁতে আকৌ মাচুল দিব নালাগে।
ডিচেম্বৰ মাহৰ ভিতৰতে এই নতুন খচৰাখনৰ নীতিবোৰ চূড়ান্ত কৰাৰ কথা সদৰী কৰিছে টুৰিজম কাউন্সিল অব ভুটানৰ অধ্যক্ষ তথা বিদেশ মন্ত্ৰী ড০ তন্দী দৰ্জীয়ে।
“গোটেই চিন্তাটোৰ আঁৰত আছে এটা নীতিত দেশখন ভ্ৰমণ কৰা সকলো পৰ্য্যটকক সামৰি লোৱা আৰু এটা এছ ডি এফ আৰোপ কৰা”, দৰ্জীয়ে কয়।
“দ্দা হিন্দু” ৰ বাতৰিমতে, ২০১৮ বৰ্ষটোত প্ৰায় ২,৭৪,০০০ পৰ্য্যটকে ভুটান ভ্ৰমণ কৰিছিল, য’ত ভাৰতৰ পৰা যোৱা পৰ্য্যটকৰ সংখ্যা প্ৰায় ১,৮০,০০০ আছিল।
উল্লেখ কৰিব পাৰি যে বিশ্বৰ আগশাৰীৰ ট্ৰেভেল গাইড এজেন্সি এটাই চলোৱা সমীক্ষাত ২০২০ চনত ভ্ৰমণ কৰিবলৈ আটাইতকৈ উপযুক্ত যেন লগা বিশ্বৰ শীৰ্ষ ১০খন দেশৰ তালিকাত ভূটান শীৰ্ষত আছিল।