ভাৰতত দীৰ্ঘদিনৰ অন্তত প্ৰথমবাৰৰ বাবে ৬ লাখতকৈ হ্ৰাস পালে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা
ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাই ৮১ লাখ অতিক্ৰম কৰিছে।
বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৪৮২৬৮ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াৰ ফলত বৰ্তমানলৈ দেশত মুঠ ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮১,৩৭,১১৯ গৰাকীলৈ বৃদ্ধি পায়।
দেশৰ পৰিয়াল আৰু স্বাস্থ্য মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই তথ্য প্ৰকাশ কৰে।
আনহাতে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১,২১,৬৪১ গৰাকীলৈ বৃদ্ধি পাইছে।
দেশত বৰ্তমান ৫,৮২,৬৪৯ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।
ভাৰতত মুঠ ক’ৰ’না সংক্ৰমিত হোৱা লোকৰ ভিতৰত ৭৪,৩২,৮২৯ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।
ভাৰতত দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ক্ৰমাগতভাৱে পঞ্চম দিনৰ বাবে ৫০ হাজাৰতকৈ কম লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
আশাজনক দিশ হৈছে ভাৰতত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰো ক্ৰমাৎ বৃদ্ধি হৈ ৯০ শতাংশ অতিক্ৰম কৰিছে।
উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ভাৰত দ্বিতীয় সৰ্বাধিক ক’ৰ’নাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশ।